• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

১৬ ডিচেম্বৰ বাংলাদেশত বিজয় দিৱস হিচাপে পালন কৰা হয়। ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা লাভৰ উপলক্ষে এই দিনটো পালন কৰা হয়। সেইবাবেই হাছিনাই সেই দিনটো ঢাকালৈ উভতি যোৱাৰ বাবে বাছি লৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 24, 2026 10:18 am
বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফটোঃসংগ্ৰহীত।

বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফটোঃসংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ইতিমধ্যে ডিচেম্বৰ মাহত দেশলৈ উভতি যাব বুলি কৈছিল। অৱশ্যে প্ৰশ্ন উঠিছিল, ঠিক কোন দিনা তেওঁ বাংলাদেশত ভৰি দিব? আৰু আৱামি লীগৰ নেতাগৰাকীয়ে এতিয়া সেই তাৰিখ ঘোষণা কৰিছে। হাছিনাই কয় যে ১৬ ডিচেম্বৰত তেওঁ ভাৰতৰ পৰা দেশলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে।

দৰাচলতে ১৬ ডিচেম্বৰ বাংলাদেশত বিজয় দিৱস হিচাপে পালন কৰা হয়। ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা লাভৰ উপলক্ষে এই দিনটো পালন কৰা হয়। সেইবাবেই হাছিনাই সেই দিনটো ঢাকালৈ উভতি যোৱাৰ বাবে বাছি লৈছে। শ্বেখ হাছিনাৰ মুখপাত্ৰ চৈয়দ মোজামেল আলীয়ে মঙলবাৰে সংবাদ সংস্থা ৰয়টাৰৰ আগত এইদৰে কয়।

উল্লেখ্য যে গণ অভ্যুত্থানৰ বাবে ২০২৪ চনত বাংলাদেশত শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰে। তেতিয়াৰ পৰাই তেওঁ ভাৰতত আছে। এইবাৰ ডিচেম্বৰ মাহত দেশলৈ উভতি যোৱাৰ তাৰিখ ঘোষণা কৰিলে।

Apply Now

এনে পৰিস্থিতিত হাছিনাই নিজৰ দেশৰ চৰকাৰক প্ৰয়োজনীয় বিমান পৰিবহণৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনাইছে। তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় বিমান সংস্থা বিমান বাংলাদেশ এয়াৰলাইন্সৰ জৰিয়তে ঢাকালৈ উভতি অহাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

শ্বেখ হাছিনাৰ মুখপাত্ৰই কয়, ‘২০২৪ চনৰ ৫ আগষ্টত শ্বেখ হাছিনাক বাংলাদেশী বিমানেৰে ভাৰতলৈ অনা হৈছিল। সেয়েহে এইবাৰ দিল্লীৰ পৰা ঢাকালৈ উভতি অহাৰ বাবে বিমান পৰিবহণৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে।’

তেওঁ লগতে কয়, ‘অসাংবিধানিকভাৱে তেওঁক বিতাড়িত কৰা হৈছিল। গতিকে ১৬ ডিচেম্বৰত তেওঁক বাংলাদেশলৈ ঘূৰাই অনাটো এতিয়া চৰকাৰৰ দায়িত্ব।’

শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি যাব বিচাৰিছে। কেইসপ্তাহমানৰ আগতে তেওঁ নতুন বাংলাদেশী পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (এন আই ডি)ৰ বাবে আবেদন কৰিছিল। এই আবেদন তেওঁৰ দেশলৈ ঘূৰি অহাৰ পথ সুগম কৰাৰ বাবে বুলি কোৱা হৈছে। ২০২৪ চনৰ আগষ্ট মাহত ভাৰতলৈ অহাৰ পিছত তেওঁৰ পূৰ্বৰ নথি-পত্ৰ বাতিল কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি হাছিনাৰ অধিবক্তাই যোৱা ৯ নৱেম্বৰত নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰিছিল। লণ্ডনস্থিত আইন সংস্থা মেট্ৰিক্স চেম্বাৰ্ছৰ প্ৰতিনিধিয়ে নতুন নথি-পত্ৰ জাৰি কৰাৰ বাবে আবেদন জনাইছিল। পিছত হাছিনাই স্বাক্ষৰ কৰা অনুমতি পত্ৰৰ লগতে আন এখন পত্ৰ প্ৰেৰণ কৰা হয়, য’ত আবেদনৰ অগ্ৰগতিৰ বিষয়ে জানিব বিচৰা হয়।

উল্লেখ্য যে শ্বেখ হাছিনাৰ দেশলৈ ঘূৰি অহাৰ খবৰ পোৱাৰ পিছতে বাংলাদেশত উত্তেজনা বৃদ্ধি পাইছে। আৰম্ভ হৈছে সংঘৰ্ষ। বিএনপি, জামাতৰ দৰে দলবোৰ ওচৰ চাপি আহিব বুলি বহুতে অভিযোগ কৰে। এতিয়া পৰিস্থিতি ক’লৈ যায় সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

November 24, 2026 10:18 am
“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

November 24, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd