নাবালিকাক বিয়া পাতি তীব্ৰ সমালোচনাৰ সন্মুখীন আমছুৰ নেতা

stop-child-marriage

লখিমপুৰত এগৰাকী নাবালিকাক বিয়া পাতি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ এগৰাকী নেতাই।

নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীক বিবাহপাশত আৱদ্ধ কৰি এজন অধিবক্তা তথা আমছুৰ এজন কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলাম সকলোৰে গৰিহনাৰ সন্মুখীন হৈ পৰিছে।

উল্লেখযোগ্য যে লক্ষীমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিএমপি গাঁও পঞ্চায়তৰ সভাপতি ইদ্ৰিচ আলীৰ নাবালিকা কন্যা তথা বিহপুৰীয়াৰ সোনাপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিয়া পাতে আমছুৰ নেতা জনে।

ইতিমধ্যে আমছুৰ বিএমপি আঞ্চলিক সমিতিয়ে এই সম্পৰ্কত নাওবৈচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

এগৰাকী শিক্ষিত ব্যক্তি অধিবক্তা ইছলামৰ এই কাৰ্যক সচেতন মহলে অবিবেচকী কাৰ্য বুলি অভিহিত কৰিছে। নিজে আইনৰ চৰ্চা কৰা আনাৰুলৰ দৰে ব্যক্তিয়ে বাল্য বিবাহ আইন ভংগ কৰাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

আনাৰুল ইছলাম ৰাজ্যখনৰ সংখ্যালঘু সমাজৰ আগশাৰীৰ ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ এগৰাকী কেন্দ্ৰীয় নেতা হোৱাৰ বাবে তেওঁৰ সামাজিক দায়বদ্ধতাৰ বিষয়টোও উত্থাপিত হৈছে।

সমাজৰ নেতৃত্ব বহন কৰা এগৰাকী ব্যক্তিৰ এনে গৰ্হিত কাৰ্যক সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষিত সমাজে ধিক্কাৰ দিছে।

বাল্য বিবাহৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা আমছুৰ কেন্দ্ৰীয় সমিতিয়ে আনাৰুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’