নামতিত স্থানীয় ৰাইজৰ নামতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ঘেৰাও

আজি পুৱা নামতি অঞ্চলৰ স্থানীয় ৰাইজে নামতি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত নামতি ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰাজীর্ণ গৃহ মেৰামতি-নিৰ্মাণ, চিকিৎসক-নাৰ্ছ নিযুক্তিৰ দাবীত চিকিৎসালয়খন ঘেৰাও কৰে।

দেশ স্বাধীন হোৱাৰ পূৰ্বেই শিৱসাগৰৰ জিলাখনৰ ঐতিহ্যমণ্ডিত নামতি অঞ্চলত স্থাপন কৰা একমাত্ৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো জহি-খহি যোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ। লগতে স্বাস্থ্য কেন্দ্ৰটো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে মৃত্যুমুখলৈ গতি কৰিছে বুলি কয় ৰাইজে।

ফলত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে প্রায় ১৫-২০ কিঃ মিঃ অতিক্ৰম কৰি শিৱসাগৰ নাইবা নাজিৰালৈ গৈ চিকিৎসা সেৱা গ্ৰহণ কৰিব লগীয়া পৰিস্থিতি হয়৷

আনহাতে স্বাস্থ্য কেন্দ্ৰটোত থকা চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীৰ আৱাসগৃহ সমূহো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জহি-খহি গৈছে। চিকিৎসালয় খনৰ জৰাজীর্ণ অৱস্থাৰ বাবে বিশেষকৈ জটিল ৰোগত আক্ৰান্ত ৰোগী আৰু প্ৰসূতিৰ ক্ষেত্ৰত ৰাইজ স্থানীয় ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷

অঞ্চলটোৰ ৰাইজ আৰু দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি স্থানীয় ৰাইজ তথা দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে।

যাৰ ফলত আজি পুৱা ১০ বজাত নামতি আলি ৰেল ষ্টেচনৰ পৰা সমদল কৰি ৰাইজে নামতি প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগণত উপস্থিত হৈ বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ লগতে এই ক্ষেত্ৰত চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।