• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধঃ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে বিচাৰিছে নিৰপেক্ষ সমিতি, কেন্দ্ৰই লৈছে ‘পৰিচিত’ বিশেষজ্ঞ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 10:38 am
147
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে যোৱা ১৬ অক্টোবৰতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ক অৰণাচল প্ৰদেশ-অসম সীমান্তৰ ২,০০০ মেগাৱট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰামৰ্শাৱলীসমূহ বস্তুনিষ্ঠভাৱে বিবেচনা কৰাৰ বাবে এখন ‘নিৰপেক্ষ’ সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল আৰু তিনি মাহৰ ভিতৰত এক ‘স্বতন্ত্ৰ মতামত’ দিবলৈ কৈছিল।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে  কৈছিল যে ‘জাতীয় স্বাৰ্থ’ত অতি গুৰুত্বপূৰ্ণ এটা প্ৰকল্পৰ ক্ষেত্ৰত ছয় বছৰ ধৰি চলি থকা অচলাৱস্থাৰ অন্ত পেলাবলৈ এইটোৱে একমাত্ৰ পথ।

দেশৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প হিচাপে গ্ৰহণ কৰা নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণ ২০০৫ চনত আৰম্ভ কৰা হৈছিল আৰু স্থানীয় জনসাধাৰণৰ বিৰোধৰ বাবে ২০১১ চনত নিৰ্মাণৰ কাম নিলম্বিত ৰখালৈকে এনএইচপিচিয়ে ইতিমধ্যে ৬০০০ কোটিতকৈও অধিক টকা খৰচ কৰিছে।

যোৱা নৱেম্বৰৰ ২৭ তাৰিখে পৰিৱেশ মন্ত্ৰালয়ে প্ৰভাস পাণ্ডে, আই ডি গুপ্তা আৰু পি এম স্কটকলৈ এখন তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। এওঁলোকে তথা এওঁলোকৰ সংস্থাই পূৰ্বতে এই প্ৰকল্পটো সম্পৰ্কত এনএইচপিচিয়ে গ্ৰহণ কৰা স্থিতিক সমৰ্থন কৰিছিল।

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ অনুসৰি এই সমিতিয়ে পূৰ্বৰ সমিতিৰ সদস্যসকলক, এনএইচপিচিৰ বিষয়াসকলক আৰু ন্যায়াধীকৰণত গোচৰ তৰা আবেদনকাৰীসকলৰ সৈতে আলোচনা কৰিবলগীয়া আছিল।

তদুপৰি,  সদৌ অসম ছাত্ৰসন্থাৰ প্ৰাক্তন উপ সভাপতি তথা গুৱাহাটীৰ এগৰাকী অধিবক্তা আবেদনকাৰী তুলাৰাম গগৈয়ে ২১-২২ ডিচেম্বৰত অনুষ্ঠিত সমিতিৰ প্ৰথমখন বৈঠকত অংশ ল’বলৈ অস্বীকাৰ কৰিছিল আৰু ‘পক্ষপাতিত্বমূলক তথা ন্যস্তস্বাৰ্থ জড়িত যিটোৱে সিদ্ধান্ত গ্ৰহণত প্ৰভাৱিত কৰাৰ’ অভিযোগ তুলি মন্ত্ৰালয়লৈ এখন আইনী জাননী পঠিয়াইছিল। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

গগৈয়ে অভিযোগ কৰিছিল যে অসম চৰকাৰে ২০০৭ চনত প্ৰকল্পটো পৰীক্ষা কৰিবলৈ গঠন কৰি দিয়া অসমৰ বিশেষজ্ঞ সমিতিখনে উৎথাপন কৰা আপত্তিসমূহ আওকান কৰি পূৰ্বতে এই তিনি বিশেষজ্ঞই প্ৰতিনিধিত্ব কৰা সংস্থাটোৱে প্ৰকল্পটোৰ নিৰ্মাণৰ পৰিকল্পনাত সেউজ সংকেত দিছিল।

পাণ্ডে ভাৰতৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে ২০১১ চনত অৱসৰ গ্ৰহণ কৰিছিল। ভূতাত্ত্বিক জৰীপ বিভাগে সোৱণশিৰি প্ৰকল্পটোৰ বিষয়ে গৱেষণা কৰিছিল আৰু ই  ভূকম্প প্ৰৱণ নিৰ্মাণৰ মাপকাঠীৰ ৰাষ্ট্ৰীয় সমিতিৰ অংশ যিয়ে এই ভূকম্প প্ৰৱণ মাপকাঠীৰ ভিত্তিত অৱস্থিত প্ৰকল্পটোত অনুমোদন জনাইছিল। এই বিষয়টোৱে বৰ্তমান বিতৰ্কৰ সৃষ্টি কৰিছে।

স্কট আছিল কেন্দ্ৰীয় জল আয়োগৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাৰ মুখ্য অভিযন্তা। সোৱণশিৰি প্ৰকল্পটোৰ পৰিকল্পনা আৰু পৰ্যালোচনাৰ লগত এই জল আয়োগ জড়িত হৈ আছে। বান্ধ নিৰ্মাণ পৰ্যালোচনা সমিতি আৰু এনচিএছডিপি দুয়োটা সমিতিতে জল আয়োগৰ পৰা সদস্য অন্তৰ্ভুক্ত কৰা হয়।

২০০৯ আৰু ২০১৩ ৰ ভিতৰত গুপ্তা পুনেৰ কেন্দ্ৰীয় জল আৰু শক্তি গৱেষণা কেন্দ্ৰৰ সঞ্চালক আছিল আৰু এই সংস্থাটোও সোৱণশিৰি প্ৰকল্পটোৰ পৰিকল্পনা প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল। জল আৰু শক্তি গৱেষণা কেন্দ্ৰৰ সঞ্চালক হিচাপে গুপ্তাও ভূকম্প প্ৰৱণ নিৰ্মাণ মাপকাঠীৰ অংশ আছিল যিয়ে এই বিষয়টো ২০১৩ চনত অনুষ্ঠিত বৈঠকত পুনৰীক্ষণ কৰি ভৱিষ্যৎ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি মত আগবঢ়াইছিল।

সঞ্চালক হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত গুপ্তাই ২০১৩ চনৰ ডিচেম্বৰত গুৱাহাটীত আৰু ২০১৪ৰ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত কমেও দুখন বৈঠকত  ভাৰত চৰকাৰৰ বিশেষজ্ঞ হিচাপে অংশগ্ৰহণ কৰিছিল আৰু ভূমিকম্পৰ লগত জড়িত বান্ধৰ সুৰক্ষা বিষয়ত অসমৰ বিশেষজ্ঞ গোটৰ মতামতৰ বিৰোধ কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত সবিশেষ প্ৰকাশ পাইছে।

পৰিৱেশ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই মন্তব্য কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে গুপ্তা আৰু স্কটে কোনো বিৰোধ থকাৰ কথা অস্বীকাৰ কৰিছিল। ‘’ জল আয়োগ নাইবা ভূতাত্ত্বিক জৰীপ বিভাগৰ দৰে চিডব্লিউপিআৰএছৰ প্ৰকল্পটোত বিশেষ কৰিবলগীয়া একো নাছিল। আমি এতিয়া সকলো প্ৰতিবেদন চাই আছো আৰু আমি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পিছতহে মই মন্তব্য কৰিব পাৰিম,’’-গুপ্তাই কয়।

‘’এগৰাকী বিশেষজ্ঞ হিচাপে ব্যক্তিগত মতামত থাকিব নোৱাৰে বুলি ধাৰণা কৰাটো ঠিক নহয়। কেন্দ্ৰীয় জল আয়োগৰ পৰিসৰ ব্যাপক কিন্তু মই সোৱণশিৰি প্ৰকল্পটোৰ সৈতে পূৰ্বতে জড়িত নাছিলো। যিকোনো কাৰণতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ৰায়টো স্পষ্ট আৰু আমি তাক অনুসৰণ কৰিম,’’-ৰাষ্ট্ৰীয় দৈনিক কাকতখনত প্ৰকাশ পোৱা মতে স্কটে এনেদৰে মতামত আগবঢ়াইছে।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd