নাৰী নিৰ্য্যাতন : বিশ্বনাথত ৰে’ল আৰক্ষীৰ সজাগতা সভা

অসমৰ লগতে দেশজুৰি মহামাৰীৰ ৰূপ লোৱা নাৰী নিৰ্য্যাতনৰ ঘটনাৰ মাজতে আজি ২২ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰে’ল আৰক্ষীৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হয়।

ৰাজ্যত হৈ থকা নাৰী নিৰ্য্যাতনৰ দৰে নিকৃষ্ট ঘটনাসমূহ কিদৰে প্ৰতিৰোধ কৰিব পৰা যায় তাক লৈ সভাত আলোচনা হয়। ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰী বিশেষকৈ মহিলাসকল কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হ’লে ৰে’ল আৰক্ষীৰ সৈতে কিদৰে যোগাযোগ কৰিব পাৰে সেই সম্পৰ্কটো সভাখনত উপস্থিত ৰাইজক জনোৱা হয়।

তাৰোপৰি অভিভাৱকসকলে নিজৰ সন্তানৰ ক্ষেত্ৰত পালিব লগা দায়িত্বৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয় আৰু নাৰী নিৰ্য্যাতনৰ ঘটনাক লৈ সকলোকে সজাগ হ’বলৈ আহ্বান জনোৱা হয়।

প্ৰতাপ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত এই সজাগতা সভাত বিশ্বনাথ চাৰিআলি ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ  মিলিক, বিশ্বনাথ চাৰিআলিৰ ষ্টে’ছন মাষ্টাৰ অখিলেষ ঝা, ষ্টে’ছনৰ ওচৰৰ জপৌবাৰী গাওঁৰক্ষী বাহিনীৰ ভৱেশ হাজৰিকা,  গেৰুৱাবাৰী অঞ্চলৰ গাওঁবুঢ়া জ্যোতিষ ভূঞা, সূৰ্য্য বৰদলৈ,  মহিলা আত্মসহায়ক গোট আদিয়েও ভাগ লয়।