‘নিকা নিৰ্বাচন’ৰ আহ্বানেৰে মোককচাঙৰ ঘৰে ঘৰে উৰিছে বগা পতাকা

A white flag hoised in a household in Mokokchung

মককচাঙৰ পতাকা

নিৰ্বাচনমুখী নাগালেণ্ডৰ মোককচাঙৰ বহুতৰে ঘৰৰ মূধচত দেখা গৈছে ‘নিকা নিৰ্বাচন’ৰ আহ্বানযুক্ত বগাৰঙী পতাকা।

জানিব পৰা মতে উন্নততৰ নাগালেণ্ডৰ বাবে ৰাইজৰ মানসিকতাৰ পৰিৱৰ্তনৰ আশাৰে আৰু ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনোৱা হৈছে।

নাগালেণ্ড নিৰ্বাচনৰ সময়ত ভোট ক্ৰয়, অবৈধ ভোটদান, ভয় দেখুওৱা আদি অশুভ কাৰ্য্যকলাপবোৰে মূৰ দাঙি উঠে।

আও নাগাসকলৰ ধৰ্মীয় সংগঠন আও বেপ্তিষ্ট আৰ’গ’ মুংদাঙে নিকা নিৰ্বাচন বিচৰা লোকসকলক নিজৰ ঘৰত এই বগা পতাকা লগাবলৈ আহ্বান জনাইছিল।

মোককচাঙৰ এগৰাকী স্থানীয় লোকে কয় নাগাসকল, গাওঁ-চহৰ, প্ৰত্যেক ঘৰে যদি এই আহ্বান মানি চলে কিমান যে ভাল হ’ব!

নাগালেণ্ড বেপ্তিষ্ট চাৰ্চ্চ কাউন্সিলে কেইবছৰমান পূৰ্বৰে পৰা এই ‘নিকা নিৰ্বাচন’ অভিযান আৰম্ভ কৰিছিল।

আনহাতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী জেলিয়াঙৰ গৃহ সমষ্টি পেৰেনত জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া স্মিতা সাৰংগীয়ে নিকা নিৰ্বাচনৰ আহ্বানেৰে আজি এক খোজ কঢ়া কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

‘Clean election is our priority’ শীৰ্ষক বেনাৰ লৈ নিকা নিৰ্বাচনৰ আহ্বান দিয়া গানটো বজাই খোজ কঢ়া সমদলতো আগবাঢ়ে।