• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই

by
October 17, 2024 9:16 pm
600
VIEWS
Share on FacebookShare on Twitter

শিক্ষক সমাজে অনাশৈক্ষিক কামৰ বোজাৰ বিৰুদ্ধে, বিদ্যালয়ৰ পৰীক্ষা, মূল্যায়নকে ধৰি শৈক্ষিক কাৰ্যৰ বাবে ধনৰ আৱণ্টন নিদিয়াৰ প্ৰতিবাদ জনাই চৰকাৰী শিক্ষা বিষয়াৰ Whatsapp গ্ৰুপ ত্যাগ কৰাৰ বাবে লোৱা সিদ্ধান্তক চৰকাৰ আৰু শিক্ষা বিভাগৰ ফোপলা স্বৰূপটো উদঙাই দিছে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে মন্তব্য কৰিছে।

শিক্ষক সমাজৰ ন্যায্য দাবীৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰি ডি ৱাই এফ আইয়ে চৰকাৰৰ এনে শিক্ষা বিৰোধী, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন ধ্বংস কৰা আৰু শিক্ষক সমাজক মানসিক শাস্তি দিয়া সিদ্ধান্ত আৰু নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। ডি ৱাই এফ আইয়ে লক্ষ্য কৰিছে যে সম্প্ৰতি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰৰ ৰাজনৈতিক প্ৰচাৰৰ মঞ্চ হৈ পৰিছে। শিক্ষকসকলৰ মৰ্যাদা ধূলিসাৎ কৰি বন্ধা আজ্ঞাবাহী শ্ৰমিকলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে।

ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হৈছে। চৰকাৰৰ এই অদূৰদৰ্শী আৰু বিবেচনাহীন কাণ্ডই কেৱল শিক্ষক সমাজৰে ক্ষতি কৰিছে তেনে নহয় ই দেশৰ ভবিষ্যত প্ৰজন্মৰ বাবেই ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে।

এনে ছাত্ৰ বিৰোধী তথা সমাজবিৰোধী কাৰ্যৰ পৰা আঁ‌তৰি আহি সুস্থ শৈক্ষিক পৰিৱেশ ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে। শিক্ষক সকলে যাতে কোনো অসুবিধা নোহোৱাকৈ শৈক্ষিক কাৰ্য সম্পাদন কৰিব পৰা পৰিৱেশ নিশ্চিত কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে। ৰাজ্যৰ সুস্থ শৈক্ষিক পৰিৱেশ ৰক্ষাৰ বাবে সচেষ্ট হ’বলৈ সৰ্বস্তৰৰ ৰাইজলৈও ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd