নিষ্পত্তি নোহোৱা ‘প্ৰতীকাত্মক বিষয়’সমূহে দীৰ্ঘস্থায়ী কৰিছে নাগা সমস্যা : নেইফিউ ৰিঅ’

rio

নাগালণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ই মঙলবাৰে সদৰি কৰিছে যে কিছুমান ‘প্ৰতীকাত্মক বিষয়’ৰ নিষ্পত্তি নোহোৱা বাবে আলোচনা হৈ থকা স্বত্তেও  বিগত ২৩ বছৰ ধৰি নাগাসকলৰ ৰাজনৈতিক সমস্যাসমূহ সমাধানত  তথা শান্তি প্ৰক্ৰিয়াত বিলম্ব হৈ গৈ আছে।

ৰিঅ’ই অৱশ্যে  আশা প্ৰকাশ কৰিছে যে সোনকালে বা পলমকৈ এই বিষয়সমূহৰ নিষ্পত্তি হ’ব। তেওঁ নাগাসকলৰ ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।  কোহিমাৰ সচিবালয়ৰ আলোচনাকক্ষত অনুষ্ঠিত এখন আলোচনাচক্ৰত মুখ্য মন্ত্ৰীগৰাকীয়ে বিভাগসমূহৰ প্ৰশাসনীয় মুৰব্বী আৰু বিভাগীয় মুৰব্বীসকলক সম্বোধন কৰি তেওঁ এইদৰে কয়।

তেওঁ আৰু জনাইছে যে শান্তি আৰু অহিংসাৰ কেন্দ্ৰ এটা সৃষ্টি কৰা হ’ব আৰু ইয়াৰ মুৰব্বীৰ দায়িত্বত থাকিব ব্যক্তিবাদ, গোষ্ঠীপ্ৰীতিবাদৰ উৰ্ধত থাকি নাগা মানসিকতাৰে কাম কৰি যাব পৰা এজন দ্বেষ-দ্বিধাহীন বুদ্ধিজীৱি।

ৰিঅ’ই আৰু আশ্বাস প্ৰদান কৰে যে বৰ্তমান চলি থকা ৰাজনৈতিক প্ৰক্ৰিয়াটোক পি ডি এ চৰকাৰে সহায় কৰাৰ লগতে সক্ৰিয় সা-সুবিধা প্ৰদান কৰিব।

তেওঁ আৰু কয় যে বহুতো আশা আৰু প্ৰতিশ্ৰুতি লৈ পি ডি এ চৰকাৰ ক্ষমতালৈ আহিছে আৰু বিভাগীয় প্ৰশাশনিক মুৰব্বী আৰু বিভাগীয় মুৰব্বীসকলৰ সহায় সহযোগ অবিহনে এয়া পূৰণ কৰাটো অসম্ভৱ।

তেওঁ আৰু কয় যে তেওঁৰ চৰকাৰ নাগৰিকসকলৰ জীৱন ধীৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত দায়বদ্ধ। তেওঁ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতাক সম্পূৰ্ণ কাৰ বাবে কৰ্ম সংস্কৃতি গঢ়ি তোলা, সময়ানুৱৰ্তিতা বজাই ৰখা, দায়বদ্ধভাৱে আৰু যথাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰয়োজনৰ ওপৰত জোৰ দিয়ে। ‘আমি আমাক সেৱা কৰা নহয়, আমি সামুহিকভাৱে জনসাধাৰণৰ সেৱা কৰিব লাগিব।‘ মুখ্য মন্ত্ৰী ৰিঅ’ই কয়।

৯১সংখ্যক সংশোধনমতে সংসদীয় সচিবৰ পদ সীমাবদ্ধ কৰা আৰু কমোৱা আৰু অফিচ অব প্ৰফিটৰ প্ৰশ্নৰ উতত্ৰত ৰিঅ’ই কয় যে বিভিন্ন বিভাগৰ উপদেষ্টাসকলক আইনজ্ঞসকলৰ সৈতে যথোচিত পৰামৰ্শ কৰাৰ পাছতহে নিয়োগ কৰা হৈছে। মেধা, দক্ষতা আৰু অভিজ্ঞতাই এটা বিভাগলৈ অৱদান আগবঢ়ায়। উপদেষ্টাসকলৰ সৈতে সংশ্লিষ্ট বিভাগসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সু-প্ৰশাসনৰ বিষয়ত তেওঁ কয় যে প্ৰত্যেকোট বিভাগে এটা লক্ষ্য স্থিৰ কৰি লৈ তাক এটা প্ৰত্যাহ্বন হিচাপে ধৰি লৈ আগবাঢ়িব লাগে।

ৰিঅ’ই সকলো চৰকাৰী কৰ্মচাৰীকে তেওঁলোকৰ সেৱাসমূহক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰি একাধিক নিয়োজনৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনায়।

ভি আই পি সংস্কৃতি আঁতৰ কৰাৰ বিষয়ত আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে গীৰ্জা আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ উপৰিও  নিৰ্বাচিত প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসকলে এই বিষয়ত চৰকাৰক সহযোগিতা কৰিছে।

বাট-পথ মেৰামতি কৰাৰ বিষয়ত ৰিঅ’ই কয় যে কোহিমা আৰু ডিমাপুৰৰ পথসমূহ তাৎক্ষণিকভাৱে মেৰামতি কৰাৰ বাবে ইতিমধ্য ৫০ কোটি টকা মোকোলাই দিয়া হৈছে। সংশ্লিষ্ট বিভাগসমূহক কামৰ গুণগত মান ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দি তেওঁ কয় যে কামৰ গুণগত মান নিম্নমানৰ হ’লে যিকোনো ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰিব।

এই আলোচনাচক্ৰত উপ মুখ্য মন্ত্ৰী ৱাই পাটনেও ভাষণ দিয়ে।