নিৰুদ্দিষ্ট ৰেৱতী ফুকন : অপহৰণৰ সন্দেহ ব্যক্ত কৰিলে ফুকনৰ পুত্ৰই

Reboti Phukan

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন ফাইল ফটো

ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱা নাই, তেওঁক অপহৰণ কৰা হৈছে। এই অপহৰণত আলোচনা পন্থী আলফা জড়িত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে ফুকনৰ পৰিয়ালৰ সদস্যই।

এসময়ৰ পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকনক অপহৰণ কৰাৰ কথা ব্যক্ত কৰাত গোটেই ঘটনাটোৱে এটা নতুন দিশ উন্মোচন কৰাৰ সম্ভাৱনা দেখা গৈছে। শেহতীয়া এই অভিযোগে বিশিষ্ট ক্ৰীড়াবিদ তথা সমাজ সচেতক ৰেৱতী ফুকনৰ নিখোজ হোৱা ঘটনাত এক নতুন বিতৰ্কৰ সূচনা কৰিলে।

যোৱা ২২ এপ্ৰিলত প্ৰাত:ভ্ৰমণলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ফুকন। বিগত পাঁচদিন ধৰি আৰক্ষীয়ে কোনো শুংশুত্ৰ উলিয়াব নোৱাৰোত ফুকনৰ পৰিয়ালে ৰহস্যৰ গোন্ধ পাইছে।

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ইয়াক ৰাজনৈতিক অপহৰণ বুলি দাবী কৰিছে। ‘’ দেউতা দুৰ্ঘটনাত পতিত হোৱা হ’লে গম পোৱা গ’লহেঁতেন। নিখোঁজ হ’লেও এই কেইদিনত আৰক্ষীয়ে কিবা ক্লু বিচাৰি পালেহেঁতেন। তেওঁক পৰিকল্পিতভাৱে অপহৰণ কৰা হৈছে,’’- কৌশিক ফুকনে এনেদৰে কয়।

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ ফুকনে শেহতীয়াকৈ চলোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি পুত্ৰ কৌশিক ফুকনে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰস্তাৱিত আলোচনা প্ৰক্ৰিয়াৰ খচৰাপ্ৰস্তুত কৰাৰ কামতো নিৰুদ্দিষ্ট ফুকন জড়িত আছিল। পৰেশ বৰুৱা আলোচনাত বহিলে কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হ’ব পাৰে আৰু আলফাৰ নামত চলাই থকা ব্যৱসায়টো বন্ধ হৈ যাব পাৰে ভাবিয়েই সেই শক্তিয়ে দেউতাকক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে।

আনহাতে, আলফা (স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁৰ একালৰ সতীৰ্থৰ পিনে আঙুলি টোৱাইছে। ন্যস্ত স্বাৰ্থৰ বাবে অৰবিন্দ ৰাজখোৱা বাহিনীয়ে ৰেৱতী ফুকনক অপহৰণ কৰিব পাৰে বুলি বৃহস্পতিবাৰে একাংশ সংবাদ মাধ্যমৰ আগত সন্দেহ ব্যক্ত কৰিছে পৰেশ বৰুৱাই।

ইপিনে, আলোচনা পন্থী আলফাৰ উপ-সভাপতি প্ৰদীপ গগৈয়ে এনে সন্দেহ অমূলক বুলি দাবী কৰিছে। আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰেৱতী ফুকনৰ নিখোঁজৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাক ধিক্কাৰ দিছে।