নেশ্যনেল চটোকান কাৰাটে ফেডাৰেশ্যনৰ নেশ্যনেল চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ অৰুণাচল প্ৰদেশ

Bokajan karate

বোকাজান কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ১২ সংখ্যক নেশ্যনেল চটোকান কাৰাটে ফেডাৰেশ্যনৰ নেশ্যনেল চেম্পিয়নশ্বীপৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় অৰুণাচল প্ৰদেশ।

২৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা এই কাৰাটে প্ৰতিযোগিতাখনত দেশৰ অন্য প্ৰান্তৰ খেলুৱৈৰ লগতে ভূটানৰ পৰাও অংশগ্ৰহণ কৰা পৰলক্ষিত হৈছিল। প্ৰতিযোগিতাখনত মুঠ ৩৬৯গৰাকী ল’ৰা-ছোৱালী খেলুৱৈয়ে অংশগ্ৰহণ কৰা বুলি আয়োজকে জানিবলৈ দিয়ে।

অৰুণাচল প্ৰদেশৰ ১২০গৰাকী, অসমৰ ১৩০গৰাকী, মণিপুৰৰ ৩০, নাগালেণ্ডৰ ২৮, মেঘালয়ৰ ৪১, ঝাৰখণ্ডৰ ১০ আৰু ভূটানৰ ১০ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।

১৪-১৫ বছৰীয়া কেডেট শাখা, ১৬-১৭ জুনিয়ৰ শাখা আৰু ১৮ৰ ওপৰোৰ্ধৰ ছিনিয়ৰ শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। আজি অন্ত পৰা প্ৰতিযোগিতাখনৰ বিজয়ী খেলুৱৈসকলক সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত পদক সমূহ বিতৰণ কৰা হয়।

বঁটা বিতৰণী অনুষ্ঠানত আযোজক সমিতিৰ সভাপতি অতুল বুঢ়াগোঁহাই, সম্পাদক বিমল বসুমতাৰীৰ লগতে কাৰাটে প্ৰেমীলোকসকল উপস্থিত থাকে।

প্ৰতিযোগিতাখনত অৰুণাচল প্ৰদেশে ২৯ টা সোণ, ১৮ টা ৰূপ আৰু ২৪ ব্ৰঞ্জৰ পদকেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰে। অসমে ১০ টা সোণ, ৩ টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থানত আৰু মেঘালয়ে ৪ টা সোণ, ৩ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ তৃতীয় স্থান দখল কৰে।