ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটৰ ৰাজপথত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

সোমবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটৰ ৰাজপথত প্ৰতিবাদ কৰাৰ উদ্দেশ্যেৰে ওলাই আহিল এজাক বিশেষভৱে সক্ষম ছাত্ৰ-ছাত্ৰী। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত যোৰহাটৰ একমাত্ৰ দৃষ্টিহীন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে যোৰহাটৰ একমাত্ৰ দৃষ্টিহীন বিদ্যালয়খনত বিজ্ঞান আৰু অংক বিষয়ৰ স্থায়ী নিযুক্তিৰ লগতে হোষ্টেল ব্যৱস্থা বসোপযোগী কৰাৰ বাবে পূৰ্বৰে পৰা ছাত্ৰ-ছাত্ৰী সকলে আবেদন কৰি আহিছিল।

কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ বৰ্তমানলৈকে কোনো কাণসাৰ নিদিলে। ফলত সোমবাৰে এনেদৰে ছাত্ৰ-ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহি বিদ্যালয়খনৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

আনহাতে এই প্ৰতিবাদস্থলীতে জিলা সমাজ কল্যাণ বিষয়া সংগীতা বৰঠাকুৰৰ কৰ্তব্যৰ গাফলতিৰ অভিযোগ আনিছে ছাত্ৰ-ছাত্ৰীসকলে। অংক আৰু বিজ্ঞানৰ শিক্ষকৰ পৰিৱৰ্তে বিষয়াগৰাকীয়ে পৰিসংখ্যা বিজ্ঞানৰ শিক্ষকৰ দ্বাৰা পাঠদান দি ছাত্ৰ-ছাত্ৰীসকলক আভুৱা ভৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

পিছত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল যোৰহাট জিলা উপায়ুক্তক সাক্ষাৎ কৰাত উপায়ুক্ত গৰাকীয়ে ১৫ দিনৰ সময় সীমা বান্ধি দিয়ে।