পথ নিৰ্মাণক লৈ অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনা

darka-village1-570x320

প্ৰতিনিধিত্ব মুলক ফটো। উৎস : ট্যুৰ মাই ইণ্ডিয়া

অৰুণাচল প্ৰদেশৰ মাটিত অসমে পথ নিৰ্মাণ কৰাৰ অভিযোগক লৈ অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত থকা নামনি ছিয়াং জিলাৰ কাংকু ৰাজহ চক্ৰৰ হাইম গাঁৱত অসমৰ ফালৰ গাঁৱৰ বাসিন্দাই আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ পৃষ্ঠপোষকতাত অৰুণাচলৰ মাটিত পথ নিৰ্মাণৰ কাম চলোৱাৰ অভিযোগত উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বাতৰিত প্ৰকাশ পাইছে যে আন্ত:ৰাজ্যিক সীমান্তত প্ৰায় ১০০ জন মান অৰ্দ্ধ সামৰিক বাহিনীৰ লোক বাহৰ পাতি আছে আৰু অৰুণাচল প্ৰদেশৰ মাটিত অবৈধভাৱে এটা পথ নিৰ্মাণৰ কাম চলাই থকা অসমৰ গাঁৱবাসীক সুৰক্ষা দি আছে।

যোৱা ১৯ মে’ত অৰুণাচলৰ ভূমিৰ ভিতৰত বাস কৰি থকা ১০ টা পৰিয়ালৰ শালি খেতি কৰা মাটিত বালি পেলাই অসমৰ নিৰ্মাণ কোম্পানী অবৈধভাৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

উক্ত পথটোৰ নিৰ্মাণৰ বাবে মিছিং স্বায়ত্ত পৰিষদে কামৰ আৱন্টন দিয়াৰ অভিযোগ উঠিছে।

অৱশ্যে, অসম আৰু অৰুণাচল প্ৰদেশৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত দুয়োপক্ষই নিজৰ নিজৰ দিশত পূৰ্বৰ স্থিতাৱস্থা মানি চলিবলৈ সন্মত হৈছিল।

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুয়োগৰাকীয়ে ছুটীত আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ মাজতে অসমৰ ধেমাজিৰ উপায়ুক্ত ৰশ্নি কোঠাৰীয়ে অঞ্চলটোত কোনো নিৰ্মাণৰ কাম চলাৰ কথা অস্বীকাৰ কৰিছে।

অঞ্চলত উদ্ভৱ হ’ব পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে অৰ্দ্ধ সামৰিক বাহিনীৰ লোক নিয়োগ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।