পাটাছাৰকুছিৰ মৰ্কাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

মৃতদেহ

প্ৰতিনিধিত্বমূলক ছবি

বৰপেটাৰ জিলাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত পাঠশালাত আজি এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰ্কাত উক্ত মৃতদেহটো পৰি থকা দেখা পাই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত পাটাছাৰকুছি আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰে।

আনহাতে মৃতদেহটোক প্ৰত্যক্ষ কৰি একাংশ লোকে যুৱকজনক কোনো দুৰ্বৃত্তই বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰি তাত পেলাই থৈ গৈছে বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই যুৱকজনৰ  দূৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে বুলি সন্দেহ কৰে।

নিহত যুৱকজনৰ বয়স ২৫ৰ পৰা ৩৫ বছৰ হ’ব বুলি অনুমান কৰা হৈছে।

বাতৰি লিখা পৰলৈকে মৃতদেহটোক চিনাক্ত কৰিব পৰা হোৱা নায়। আৰক্ষীয়ে জনোৱা মতে পাটাছাৰকুছি আৰক্ষী থানাত এতিয়ালৈকে নিৰুদ্বেশ সম্পৰ্কিয় কোনো গোচৰ ৰুজু হোৱা নায়।