পাঠশালাত ব্লু হোৱেল সদৃশ ঘটনাৰ বলি কিশোৰ

PicsArt_09-09-03.57.00

ব্লু হোৱেল নামৰ অনলাইন মোবাইল গেমটোৰ নিচিনাই অনুৰূপ ঘটনা এটাৰ সৈতে জড়িত হৈ পৰিছে পাঠশালাৰ এজন ছাত্ৰ।

জানিব পৰা মতে, উদীপ্ত দাস নামৰ পাঠশালা শিশু নিকেতনৰ নৱম মানৰ ছাত্ৰজনে হাতত  ‘F-57’ সংকেতটো ব্লেডেৰে কাটি লোৱা দেখা পাই সহপাঠীসকলে শিক্ষকক অৱগত কৰে। শিক্ষকে ঘটনাটো লগে লগে আৰক্ষীক অৱগত কৰে ।

উল্লেখ্য যে চলিত মাহৰ ১২ তাৰিখে উদীপ্তৰ মাতৃ দৰ্শনা দাসে পুত্ৰ উদীপ্তৰ সহযোগত দশম মানৰ এগৰাকী ছাত্ৰীক গুৱাহাটীৰ ঘোঁৰামাৰাত থকা ঘৰলৈ নি আবদ্ধ কৰি ৰাখিছিল। মহিলাগৰাকীয়ে কিশোৰীগৰাকীক কোনো অসাধু চক্ৰৰ হাতত তুলি দিয়াৰ এক ঘৃণ্য ষড়যন্ত্ৰত লিপ্ত আছিল বুলি সন্দেহ  কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিয়ে।

ঘটনাক্ৰমে ঘৰৰ মানুহৰ ওপৰত অভিমান কৰি আশ্ৰয়ৰ আশাত বন্ধুৰ ঘৰত আশ্ৰয় ল’বলৈ অহা এজনী অসহায় কিশোৰীক উদীপ্ত দাস নামৰ ল’ৰাটোৰ মাতৃ এই ঘৃণ্য  মহিলাগৰাকীয়ে  অন্ধকাৰৰ ফালে থেলি দিয়াৰ এক ঘৃণ্য ষড়যন্ত্ৰত লিপ্ত হৈছিল যদিও বিক্ৰি কৰাৰ সুবিধা কৰিব নোৱাৰি পুনৰ পাঠশালৈ ওভোতাই পঠিয়াইছিল।

ছোৱালীগৰাকীক অভিভাৱকে মহিলাগৰাকীৰ সমস্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে মাক দৰ্শনা দাস আৰু পুত্ৰ উদীপ্তকো গ্ৰেপ্তাৰ কৰি জেৰা কৰিছে আৰু ঘটনাৰ তদন্ত  অব্যাহত ৰাখিছে।

উল্লেখ্য যে উদীপ্ত দাস নামৰ ল’ৰাজনৰ মাক দৰ্শনা দাস হৈছে জীৱন বীমা নিগমৰ চাকৰীয়াল। এই মহিলাজনীয়ে ২ বছৰমান আগতে জীৱন বীমা নিগমৰ ১১লাখ টকীয়া বিত্তীয় কেলেংকাৰিত সাঙোৰ খাই পৰিছিল।

অসমত নাৰীজনীত অপৰাধৰ বৰ্ধিত ঘটনাই তোলাপাৰ লগাই থকা সময়তে স্থানীয় মহিলাজনীৰ এই কাণ্ডই পাঠশালাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।