• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজম পৰিল বোকাখাত জাতীয় বিদ্যালয় বাকৰি! বিজ্ঞানৰ জয়গানেৰে সামৰণি পৰিল ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
May 25, 2024 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত যোৱা ২৩ মে পৰা বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ আজি সফল সামৰণি পৰে।

প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী পূৱা ৯ বজাৰ পৰা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ১২.৩০ বজালৈকে ছয়টা শিকন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিশ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। প্ৰচণ্ড গৰমকো নেওচি ছাত্র ছাত্রী সকলৰ অংশগ্রহণে যথেষ্ট  উৎসাহিত কৰে বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ অভ্যৰ্থনা সমিতিক।

Apply Now

শিকন কোণৰ সমান্তৰাল কৈ বোকাখাত চি এন বি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ দ্বাৰা ” অন্ধবিশ্বাস দূৰীকৰণ আৰু আমাৰ কৰণীয়” বিষয়ক সজাগতামূলক অনুষ্ঠান  অনুষ্ঠিত হয়। সমন্বয়ক ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে অধ্যক্ষ ড° সুৰজিৎ দত্তই। বিশিষ্ট অতিথি, শিক্ষাবিদ ড° নয়নমনি মেধিয়ে তেখেতৰ বক্তব্যত অন্ধবিশ্বাসে আমাৰ সমাজখনত কেনেকৈ শিপাইছে সেই সম্পৰ্কত ব্যাখ্যা আগবঢ়োৱাৰ লগতে অন্ধবিশ্বাসক লৈ সমাজখন ভাগ ভাগ কৰাৰ বাবে শংকা প্ৰকাশ কৰে। ইয়াৰ পিছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্র, পশ্চিম গোলাঘাটৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি শ্রী যুত তপন কুমাৰ শৰ্মাই।

দুপৰীয়া আহাৰৰ পিছত অংক,  বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিবেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাত আদি ছয়টা  শিকন কোণ বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয়। শেষত দিনটোৰ কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰি ৰাষ্ট্ৰীয় সংগীতেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণী মৰা হয়।

আজিৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী পূৱা ৯ বজাৰ পৰা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ১০.৩০ বজালৈকে  শিকন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিশ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে।

পুৱা ১০.৩০ বজাৰ পৰা বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱা,শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াৰ লগতে নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়া।

আমন্ত্ৰিত অতিথি সকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই। ছাত্র ছাত্রী সকলে পাঁচটা জনগোষ্ঠীয় ভাষাত পৰিবেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ কৰা হয়। লগতে সকলো ছাত্র ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি  সহযোগ কৰে।

সমাৰোহৰ তৃতীয় তথা অন্তিম দিনটোত বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ দ্বাৰা সম্পাদিত “চেতনা আৰু “এজাৰ” নামৰ দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ উপৰিও “মুক্তমন” নামেৰে এখন স্মৰণিকাও উন্মোচন কৰা হয়। স্মৰণিকাখন উন্মোচন কৰে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই । চল্লিশ গৰাকী লিখকৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট তথা ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তৰ দ্বাৰা সম্পাদিত স্মৰনিকা খনৰ মানদণ্ড অতি উন্নত হোৱা বুলিও মন্তব্য কৰে উন্মোচক ড০ বৰুৱাই।

শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া সমাৰোহখনিত উপস্থিত থাকি ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই।যুৱ বিজ্ঞানী গৰাকীয়ে প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে।

আমন্ত্ৰিত অতিথি নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়া সমাৰোহখনিত উপস্থিত থাকি তেখেতৰ বক্তব্যত সমাৰোহ খনিৰ পৰিবেশ শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি মন্তব্য কৰে। আনহাতে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে  সমাৰোহৰ তিনিদিনৰ অভিজ্ঞতাৰে বিশেষ বক্তব্য আগবঢ়াই অনুষ্ঠানটোত।

অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু সমাজকৰ্মী নিজৰা বৰঠাকুৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহ খনত দুৰদুৰনিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে আত্মসন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাপতিয়ে  মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰনি ঘটোৱা হয়।

 দুপৰীয়া ১২.৩০ বজাৰ পৰা দুপৰীয়া আহাৰ পৰিবেশন কৰাৰ পিছতে বোকাখাতৰ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১.৩০ বজাৰ পৰা শিশু সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আৰু ৩.৩০ বজাত পতাকা অৱনমনেৰে ” বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ “ৰ সমাপ্তি ঘোষণা কৰা হয়।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd