পাঠশালাৰ শান্তিপুৰত বিদ্যুৎস্পৃষ্ট হৈ সদ্য বিবাহিতা শিক্ষয়িত্ৰীৰ মৃত্যু

images

বৰপেটা জিলাৰ পাঠশালা চহৰৰ শান্তিপুৰ এলেকাত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ৩৪ বছৰ বয়সীয়া মহিলাৰ মৃত্যু হৈছে। জানিব পৰা মতে অপূৰ্ব কাকতী নামৰ ব্যক্তিগৰাকীৰ পত্নী সৰজু চৌধুৰী কাকতীয়ে পাঠশালা চহৰৰ শান্তিপুৰ এলেকাৰ এটা ভাড়াঘৰত বাস কৰি আছিল। আজি দিনৰ প্ৰায় ১-০০ মান বজাত ঘৰৰ ফ্ৰীজটো ছাফা কৰিবলৈ ধৰোঁতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে।

জানিব পৰা মতে প্ৰয়াত সৰজু চৌধুৰী কাকতীয়ে পুঠিমাৰী জাতীয় বিউদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁ মুগুৰীয়াৰ অপূৰ্ব কাকতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। প্ৰয়াত সৰজু চৌধুৰী কাকতীৰ স্বামী অপূৰ্ব কাকতী এগৰাকী ব্যৱসায়ী। যোৱা দেওবাৰৰ পৰা তেওঁলোকে শান্তিপুৰৰ এইটো ভাড়াঘৰত বাস কৰিবলৈ লৈছিল।

বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছত তেওঁৰ চিঞৰ শুনি ওচৰৰ লোকসকল তৎক্ষণাত তেওঁৰ ভাড়াঘৰলৈ লৱৰি আহে আৰু ফ্ৰীজটোৰ ছুইচ্চ বন্ধ কৰি দিয়ে। তেওঁলোকে বিদ্যুৎস্পৃষ্ট মহিলাগৰাকীক ততালিকে পাঠশালা চহৰৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে  তেওঁক ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।

মহিলাগৰাকীৰ মৃতদেহটো পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে এই ঘটনাটোৰ এটা তদন্ত আৰম্ভ কৰা হৈছে।