পি এন আৰ ডিৰ গোচৰত যদি দোষী প্ৰমাণিত হওঁ তেন্তে তিনিগুণ শাস্তি মূৰ পাতি ল’ম : ৰকিবুল হুছেইন

Rakibul-Hussain-addressing

ৰকিবুল হুছেইনৰ ফাইল ফটো।

‘মোৰ বিৰুদ্ধে পি এন আৰ ডি বিভাগৰ  গোচৰৰ কৰাৰ কথা আজি পৰ্যন্ত মই একো নাজানো। যদি অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে মই তিনিগুণ শাস্তি মূৰ পাতি ল’বলৈ সাজু। এই বিষয়ে মোৰ বিৰুদ্ধে অভিযোগ থকাৰ কথা অথবা তদন্ত কৰাৰ কথা, এইবোৰৰ এটা শব্দও মোক কোনেও কোৱা নাই।’ বিধানসভাৰ অধিৱেশনৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত আজি এইদৰে কয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বৰ্তমানৰ চৰকাৰখনক ইৰ্ষাপৰায়ণ আৰু ভয়াতুৰ আখ্যা দি কয়, “যদি পি এন আৰ ডি বিভাগত কেলেংকাৰিৰ তদন্ত চলিয়েই আছিল আৰু যদি মই অভিযুক্তই তেন্তে অন্য মন্ত্ৰীবিলাকক জনোৱাৰ বিপৰীতে মোক কিয় জনোৱা নহ’ল। বিষয়টো মোৰ বাবে সাঁথৰ হৈ পৰিছে। মই বিষয়টো অৱগত হোৱা হ’লে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ যুক্তি দাঙি ধৰিব পাৰিলোহেঁতেন।”

তদুপৰি যোৱা ২৫ মাৰ্চত ৰুজু হোৱা গোচৰ সন্দৰ্ভত কংগ্ৰেছৰে অনিল ৰাজাৰ নামটো উচ্চাৰণ নকৰাকৈ ৰকিবুল হুছেইনে কয়, ‘তেওঁ এছকৰ্ট-চিকিউৰিটি লৈ মোৰ বিৰুদ্ধে কৰা গোচৰৰ ভিত্তিতেই হয়তো এই গোচৰৰ পঞ্জীয়ন কৰা হৈছে। এয়া হৈছে মোৰ প্ৰতি থকা এক ঈৰ্ষা। মই যিমানেই কংগ্ৰেছৰ হৈ সক্ৰিয়তাৰে কাম কৰি যাম সিমানে মোৰ বিৰুদ্ধে প্ৰতিশোধমূলক পদক্ষেপ লৈ থাকিব।”

আনহাতে, আমোদজনকভাৱে প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীকো মণিপুৰত কণী চুৰ কৰাৰ গোচৰত বিভিন্ন ধাৰা জাপি দিয়া হৈছিল বুলি ৰকিবুলে সদৰী কৰে। লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগো ভিত্তিহীন বুলি উল্লেখ কৰে।

 

অগপ বিধায়ক ফনীভূষণ চৌধুৰীয়ে সদনত কোৱা “মন্ত্ৰীসকলে ভূল উত্তৰ দিলে মন্ত্ৰীয়ে পদত্যাগ কৰিব লগীয়া এক নজিৰ আছে”, এই মন্তব্যৰ উদ্ধৃতিৰে হুছেইনে কয় “যিসকল লোকৰ বিৰুদ্ধে কেচ ৰেজিষ্টাৰ হ’ব লাগিছিল সেইসকলৰ নাম কিন্তু বৰ্তমানলৈকে উহ্য ৰখা হৈছে। লুই বাৰ্জাৰ কেলেংকাৰিকে ধৰি অন্য কেলেংকাৰিৰ সৈতে জড়িত থকাসকলৰ এতিয়া কি হ’ব?”

তাৎপৰ্যপূৰ্ণভাৱে প্ৰাক্তন মন্ত্ৰীজনে বিজেপি দলৰে মন্ত্ৰীৰ দুৰ্নীতিৰ বিষয়ে ব্যক্ত কৰিব বুলিও সংবাদ মাধ্যমত মত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে যদি নাম প্ৰকাশ কৰাৰ পিছতো বিজেপি চৰকাৰে কোনো ব্যৱস্থা হাতত নলয় তেন্তে আইন-আদালতৰ কাষ চাপিবলৈ তেওঁ বাধ্য হ’ব।

তেওঁ কয়, “ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ কথা আনিলেই বিজেপিয়ে এনেধৰণৰ ভিত্তিহীন কথাৰে মূল বিষয়টো তল পেলাব খোজে।”

আনহাতে আজি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত চলাব দুৰ্নীতি নিবাৰক শাখাই। ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তত অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। তদন্তত আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগ প্ৰমাণিত হ’লে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিব গোচৰ।

উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অগাধ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছিল অনিল ৰাজাই।