• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ উজলিল অসমৰ হিমা দাস: এইবাৰ ২০০ মিটাৰত স্বৰ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 8:22 am
Hima Das
579
VIEWS
Share on FacebookShare on Twitter

অসমৰ এথলেটিকছৰ নতুন আশা তথা ভাৰতৰ সপোন হিমা দাস পুনৰ উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। বৃহস্পতিবাৰে ফেডাৰেশ্যন কাপ এথলেটিকছত পুনৰ স্বৰ্ণ পদক অৰ্জন কৰি প্ৰতিপন্ন কৰিলে তেওঁৰ প্ৰতিভা।

পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ২০০ মিটাৰ দৌৰত কালি স্বৰ্ণ পদক অৰ্জন কৰে হিমা দাসে। উল্লেখ্য যে মহিলাৰ ৪০০ মিটাৰত স্বৰ্ণ জয় কৰি ইতিমধ্যে কমনৱেল্থ গেমছত খেলাৰ বাবে অৰ্হতা লাভ কৰা হিমাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে সমগ্ৰ ৰাজ্যবাসীকে।

কালি অনুষ্ঠিত হোৱা ২০০ মিটাৰ ফাইনেলত মাত্ৰ ২৩.৩৭ ছেকেণ্ড সময়তে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি হিমাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লক্ষ্যণীয় যে দ্বিতীয় স্থান পোৱা কৰ্ণাটকৰ পিজে স্নেহাই নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ বাবে হিমাতকৈ ১.১০ ছেকেণ্ড সময় বেছি লয়।

আনহাতে এই শাখাতে উৰিষ্যাৰ জৌনা মুৰ্মুৱে তৃতীয় স্থান অধিকাৰ কৰাৰ বাবে সময় লয় ২৪.৬৪ ছেকেণ্ড।

উল্লেখ্য যে পাটিয়ালাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত হিমাৰ চমকপ্ৰদ উত্থানে সমগ্ৰ ভাৰতৰ এথলেটিক ক্ষেত্ৰখনকে শিহৰিত কৰিছে। ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় বাতৰি কাকতে হিমাৰ হৰিণীৰ লেখীয়া দৌৰক প্ৰশংসা কৰি ভাৰতত এগৰাকী নতুন তাৰকা জন্ম হোৱা বুলি প্ৰকাশ কৰিছে।

আনহাতে কালি অনুষ্ঠিত হোৱা মহিলাৰ শ্বটপুট শাখাত তুনলাই নাৰ্জাৰীয়ে ষষ্ঠ স্থান অধিকাৰ কৰে।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd