পুনৰ বিতৰ্কত মুকেশ হুণ্ডাই : গাৰ্লছ হোষ্টেলৰ খিৰিকীৰ সন্মুখত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ অশ্লীল কৰ্মৰ ফটো দি যুৱতীৰ পোষ্ট

Masturbation_MukeshHundai

ফটোত মুকেশ হুণ্ডাইৰ কৰ্মচাৰীজনক দেখা গৈছে। ফটো : ছ'চিয়েল মিডিয়া।

বিতৰ্কই লগ এৰা নাই মুকেশ হুণ্ডাইক। অলপতে স্বত্বাধিকাৰীৰ দ্বাৰা কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্য বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ এসপ্তাহৰ পিছতে পুনৰ সাঙোৰ খাই পৰিছে মুকেশ হুণ্ডাইৰ নাম। এইবাৰো মুকেশ হুণ্ডাইৰ নাম জড়িত এই ঘটনাটো ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অৱশ্যে এইবাৰ কৰ্তৃপক্ষ বা স্বত্বাধিকাৰীৰ আচৰণ নহয় কৰ্মচাৰীৰ আচৰণৰ বাবেহে এই বিতৰ্ক হৈছে।

ছোৱালীগৰাকীৰ পোষ্টটো।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টটোৰ মতে, জি এম চি এইচ্ছৰ ওচৰত থকা মুকেশ হুণ্ডাইৰ ছাৰ্ভিচিং চেণ্টাৰৰ এজন কৰ্মচাৰীয়ে সদায় পুৱাৰ সময়তে এটা গাৰ্লছ হোষ্টেলৰ খিৰিকীৰ ফালে মুখ কৰি বিভিন্ন অশ্লীল ইংগিত দিয়াৰ লগতে হস্তমৈথুনত লিপ্ত হয়। এই অশ্লীল আচৰণৰ বলি হৈ অহা ছোৱালীগৰাকীয়ে ছ’চিয়েল মিডিয়াত কৰ্মচাৰীজনৰ এনে অশ্লীল কৰ্মৰ ফটো আৰু ভিডিঅ’ৰ সৈতে নিজৰ ফেইচবুক পোষ্টত লিখে। ইয়াৰ পিছতে এই পোষ্টটো ভাইৰেল হৈ পৰে।

“পুৱা ৫.৩০ বজাতে যেতিয়া এইবোৰ দেখিবলৈ পোৱা যায়, একেবাৰে ঘিণ লাগে। এই মানুহটোৰ কাৰণেই মই খিৰিকীখনো খুলিব নোৱাৰো।” এনেদৰে লিখে ছোৱালীগৰাকীয়ে।

আনহাতে এই মানুহজনক ছোৱালীগৰাকীয়ে মুকেশ হুণ্ডাইৰ চকীদাৰ বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা বুজা যায় যে তেওঁ এই মানুহজনক নৈমিত্তিক এনেকুৱাকৈ দেখি আহিছে। “এই মানুহজন হুণ্ডাইৰ ছাৰ্ভিচিং চেণ্টাৰৰ চকীদাৰ… ইয়াৰ লাজ বোলা বস্তুটো নাই। আনকি মোক দেখিও তাৰ একো লাজ নালাগে। মোক সি বেছিকৈহে অশ্লীল ইংগিত দিব খোজে।” এইদৰে লিখে ছোৱালীগৰাকীয়ে।

মুকেশ হুণ্ডাইক বিতৰ্কলৈ অনা এই কৰ্মচাৰীজনক গোৱালপাৰা কৃষ্ণাইৰ গকুল মেধি বুলি চিনাক্ত কৰা হৈছে। তেওঁ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত।

আনহাতে ছ’চিয়েল মিডিয়াত বিষয়টো ভাইৰেল হৈ পৰাৰ লগে লগে আৰক্ষীয়ে তৎপৰতা লৈ আজি গোৱালপাৰাৰ ৰংজুলিৰ পৰা গকুল মেধিক আটক কৰিছে বুলি জানিব পৰা গৈছে। দিচপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিছে।

উল্লেখযোগ্য যে কেইদিনমানৰ আগতে যোৰহাটতো এটা অনুৰূপ ঘটনা ঘটিছিল। এটা ছোৱালী হোষ্টেলৰ সন্মুখলৈ গৈ এজন যুৱকে নৈমিত্তিক হস্তমৈথুনত লিপ্ত হৈছিল। হোষ্টেলৰ ছোৱালীকেইগৰাকীয়ে ছ’চিয়েল মিডিয়াত ঘটনাটো ফটো আৰু ভিডিঅ’সহ ৰাজহুৱা কৰিছিল। পিছত এজনৰ গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল।