পূব-নাগালেণ্ডৰ নাগাসকলৰ সংগঠন ইষ্টাৰ্ন নাগালেণ্ড পীপলছ অৰ্গেনাইজেইশ্যন (ই এন পি অ’) পুনৰ তেওঁলোকৰ সুকীয়া ৰাজ্যৰ দাবীক সজোৰে উত্থাপন কৰিবলৈ আগ বাঢ়ি আহিছে। নিৰ্বাচন অভিমুখী ৰাজ্যখনত ৰাজনৈতিক বতাহ বলি থকাৰ মাজতে যোৱা ২১ ডিচেম্বৰত টুৱেনচাঙত ই এন পি অ’ৰ ইয়াৰ সন্মিলিত গোটবোৰৰ সৈতে বহা সভাত কেন্দ্ৰীয় চৰকাৰক তেওঁলোকক সুকীয়া ৰাজ্য আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মঞ্জুৰ কৰিবলৈ দাবী জনাবলৈ সৰ্বসন্মতভাৱে এক প্ৰস্তাৱ লোৱা হয়। এই সভাখন অনুষ্ঠিত হয় ই এন পি অ’ৰ অন্তৰ্ভুক্ত দুটা গোট ক্ৰমে কন্যাক য়ুনিয়ন আৰু ফ’ম পীপলছ কাউন্সিলে ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড’ নামৰ এই সুকীয়া ৰাজ্যৰ দাবীক বিশেষ স্তৰলৈ নিয়াৰ স্বাৰ্থত আগন্তুক নিৰ্বাচন বৰ্জন কৰা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ জনোৱা আহ্বানক্ৰমে। সভাখনত প্ৰস্তাৱ লোৱা হয় যে এই দাবীৰ সাংবিধানিক সীমাৰ ভিতৰত আৰু গণতান্ত্ৰিক তথা প্ৰতীক প্ৰকাশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিলে ক্ৰমাগত ধৰ্ণা-আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ’ব। ই এন পি অ’ৰ প্ৰস্তাৱত আৰু কোৱা হয় যে নাগা সমস্যাটোৰ আগতীয়া তথা সন্মানজনক সমাধানত সংগঠনটোৰ সমৰ্থন আছে। এইটো সকলো নাগাৰ বাবে গ্ৰহণযোগ্য তথা হিতকৰ বুলিও কোৱা হৈছে। আনহাতে ই এন পি অ’ৰ ছটা জনজাতীয় সংগঠনেও আজিৰ প্ৰস্তাৱকেইটা সন্দৰ্ভত সংগঠনটোক সহযোগিতা আগ বঢ়াবলৈ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে উক্ত ছটা জনজাতিয়ে ইতিপূৰ্বে তেওঁলোকলৈ আগ বঢ়োৱা স্বায়ত্তশাসনৰ সুবিধা নাকচ কৰিছে।
পূব-নাগালেণ্ডৰ পৰা সুকীয়া ৰাজ্যৰ দাবী অধিক জোৰদাৰ হ’ব
-
By NE NOW NEWS
- Categories: নাগালেণ্ড
Related Content
স্থানীয় লোকৰ আপত্তিক আওকাণ! নাগালেণ্ড, অৰুণাচলৰ বিস্তৃত অঞ্চলত বৃদ্ধি পালে AFSPAৰ ম্যাদ
By
এন ই নাও নিউজ
September 26, 2024 2:45 pm
নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ ব্যৱসায়ীক
By
এন ই নাও নিউজ
June 8, 2024 12:08 pm
উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ
By
এন ই নাও নিউজ
June 7, 2024 10:29 am
নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে
By
এন ই নাও নিউজ
April 30, 2024 10:25 am
৪ লাখ ভোটাৰৰ ভোট বৰ্জন : নাগালেণ্ডৰ ৬ জিলাৰ EVM ত নপৰিল এটাও ভোট
By
এন ই নাও নিউজ
April 19, 2024 9:07 pm
পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,"জেচিবিৰ টেষ্ট আছিল..."
By
এন ই নাও নিউজ
February 11, 2024 8:24 am