পূৰ্বৰ স্থিতিত অটল অগপ; নাগৰিকত্ব বিধেয়ক মানি নলয় বুলি কৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যপাল মুখীক

11-06-18 Guwahati- AGP Leaders meets ASSAM Governor (2)

অসম চৰকাৰৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদ চমুকৈ অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিগত কিছু দিনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঠিক সেইদৰে সোমবাৰেও অগপৰ সভাপতি তথা বিধায়িনী দলৰ নেতা অতুল বৰাৰ নেতৃত্বত বিধায়িনী দলে অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি বিধেয়কৰ বিৰোধিতাৰে স্মাৰক-পত্ৰ প্ৰদান কৰে।

প্ৰায় এঘণ্টা সময় ধৰি বিষয়টো সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰে। সাক্ষাতৰ সময়ত সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ অস্তিত্বলৈ কিদৰে সংকট কঢ়িয়াই আনিব, সেই সম্পৰ্কত অৱগত কৰাৰ লগতে এই বিধেয়কখনে ঐতিহাসিক অসম চুক্তিক উলংঘন কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰে।

অসম চুক্তি মতেই বিদেশী সমস্যা সমাধানৰ দাবী তুলি ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাৰো বিৰোধিতা কৰে। অসমৰ জনতাক সন্মান জনাই বিধেয়কখন তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সভাপতি বৰাসহ বিধায়িনী দলটোৰ প্ৰতিনিধিসকলে ৰাজ্যপালক অনুৰোধ জনায়।

অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা তথা কোনো অসম-বিৰোধী সিদ্ধান্তক অগপই মানি নলয় বুলি উল্লেখ কৰি দেশৰ অংগৰাজ্য হিচাপে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে যথোচিত পদক্ষেপ ল’বলৈ সভাপতি বৰাই ৰাজ্যপালক আহ্বান জনায়।

আলোচনাত ৰাজ্যপাল জগদীশ মুখীয়ে বিধায়িনী দলৰ বক্তব্য গুৰুত্বসহকাৰে লয় আৰু যথাস্থানত উপস্থাপন কৰাৰ আশ্বাস দিয়ে।

অগপৰ প্ৰতিনিধি দলটোত সভাপতি অতুল বৰাৰ লগতে প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ বৃন্দাবন গোস্বামী, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সংসদীয় পৰিক্ৰমা সমিতি অধ্যক্ষ ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে আটাইকেইজন বিধায়ক উপস্থিত থাকে।

ইফালে, ডকমকাৰ অমানৱীয় হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ উঠি অগপৰ নেতৃত্বই উচ্চস্তৰীয় তদন্তৰ দাবী কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।