পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈ ভগৱানে সাজি উলিয়ালে বেটাৰীচালিত মটৰচাইকেল

বৰ্তমান পেট্ৰ’ল–ডিজেলৰ মৃল্যবৃদ্ধিয়ে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। যিহেতু শুৱালকুছিত ভগৱানে সাজি উলিয়াইছে বেটাৰীচালিত মটৰচাইকেল। এই বেটাৰীচালিত মটৰচাইকেল ৪০ কি. মি. স্পিডত এবাৰ চাৰ্জ দিলে ৫০-৭০ কিলোমিটাৰলৈকে চলিব।

উল্লেখযোগ্য যে পে’ট্ৰল-ডিজেলৰ অভৱনীয় মূল্যবৃদ্ধিৰ সময়তে শুৱালকুছিৰ ভগৱান মহন্তই সাজি উলিয়াইছে বেটাৰীচালিত মটৰচাইকেল। এখন পুৰণি মটৰচাইকেলত বেটাৰী আৰু মটৰ সংযোগ কৰি সাজি উলিয়ালে এখন বেটাৰী চালিত মটৰচাইকেল। যিখন মটৰচাইকেল চলাবলৈ কোনো ধৰণৰ পে’ট্ৰল বা ডিজেলৰ প্ৰয়োজন নহয়।

তাৰোপৰি ভগৱান মহন্তই সাজি উলিয়াইছে এখন বেটাৰীচালিত চাইকেলো। এই চাইকেলখনো এবাৰ চাৰ্জ দিলে ২০ কি. মি. স্পিডত ৩০ কি. মি. চলাব পাৰি।

বৰ্তমান পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ সময়তে ভগৱান মহন্তই সাজি উলিওৱা এই বেটাৰীচালিত মটৰচাইকেলে ৰাইজৰ মাজলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। আনকি স্থানীয় বহু যুৱকে ভগৱান মহন্তই সাজি উলিওৱা এই বেটাৰীচালিত মটৰচাইকলে ক্ৰয় কৰাৰ বাবেও ইচ্ছা প্ৰকাশ কৰে।

আনহাতে ভগৱান মহন্তৰ পৰা শেহতীয়াকৈ জানিব পৰা অনুসৰি তেওঁ এইবাৰ বেটাৰীচালিত গাড়ী সাজি উলিয়াবলৈ চেষ্টা চলাইছে।