পোৱালীসহ অজগৰক ধৰি বন বিভাগক গতালে নাগালেণ্ডৰ গাঁওবাসীয়ে

বাৰ্মিজ ৰক পাইথনজনীৰ সৈতে ফুটছেৰোমি গাওঁৰ বাসিন্দা আৰু বন বিভাগৰ লোকৰ একাংশ

বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি নাগালেণ্ডৰ ফুটছেৰো চহৰৰ অন্তৰ্গত ফুটছেৰোমি গাওঁৰ বাসিন্দাসকলে বুধবাৰে এজনী বিশাল আকাৰৰ অজগৰৰ সৈতে তাইৰ এটা পোৱালীক বন বিভাগৰ হাতত তুলি দিছে।

বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চাখেছাং পাব্লিক অৰ্গেনাইজেশ্যন আৰু চাখেছাং য়ুথ ফ্ৰণ্টে জনোৱা আৱেদনৰ প্ৰতি সঁহাৰি দি গাঁওবাসীয়ে এই মহৎ পদক্ষেপটো গ্ৰহণ কৰিছে।

গাঁওবাসীয়ে বাৰ্মিজ ৰক পাইথন উপ-প্ৰজাতিৰ এই অজগৰজনী আৰু তাইৰ পোৱালীটোক ফেক ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিষয়বৰ্গৰ হাতত অৰ্পণ কৰে।

বুধবাৰে আবেলি বন বিষয়াসকলে অজগৰজনী আৰু তাইৰ পোৱালীটোক ডিমাপুৰৰ ৰংগাপাৰাত থকা নাগালেণ্ড চিৰিয়াখানালৈ লৈ যায়।

চাখেছাং য়ুথ ফ্ৰণ্টৰ সংবাদ সচিব কুপেলহি লুছউৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে মেলুৰি মহকুমাৰ মেতিখ্ৰু গাঁওৰ বাসিন্দাসকলে এপ্ৰিলৰ ১৫ তাৰিখে অজগৰদুডাল ধৰিছিল।

এই কথা গম পাই ফুটছেৰো চহৰৰ অন্তৰ্গত ফুটছেৰোমি গাওঁৰ বাসিন্দাসকলে খোৱাৰ বাবে অজগৰদুডাল কিনিবলৈ গৈছিল।

অৱশ্যে গাওঁবাসীয়ে যেতিয়া অজগৰদুডাল জীবিত অৱস্থাত দেখা পালে তেতিয়াই তেওঁলোকে বন্যপ্ৰাণী সংৰক্ষণৰ আৰু বন্য সৌন্দৰ্যৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিলে।

এইদৰেই অজগৰ দুডাল ফুটছেৰো চহৰলৈ লৈ অহা হয় আৰু বন বিষয়াসকলক খবৰ দিয়া হয়। গাঁওবাসীসকলে অজগৰ দুডালৰ আপদাল কৰিবলৈ বন বিষয়াসকলক অনুৰোধ জনাই সিহঁতত তেওঁলোকৰ হাতত অৰ্পণ কৰে।

গাঁওবাসীসকলে জনোৱা মতে মাক অজগৰজনী ১৩.৪ ফুট দীঘল আৰু প্ৰায় ৩৬ কেজি ওজনৰ। আনহাতে পোৱালী অজগৰটো ৭.৬ ফুট দীঘল আৰু ওজন প্ৰায় ৬-৭ কেজি।

পোৱালীসহ অজগৰজনী বুধবাৰে নিশা নিৰাপদে নাগালেণ্ড চিৰিয়াখানা পাইছে বুলি জানিব পৰা গৈছে।