প্রাথমিক বিদ্যালয়ৰ নাবালিকা ছাত্ৰীক অশালীন ইংগিত দিয়া লোকক আটক হোজাই আৰক্ষীৰ

Raju Das

প্ৰাথমিক বিদ্যালয়ৰ নাবালিকা ছাত্ৰীক অশালীন ইংগিত দিয়া এজন বিকৃত মানসিকতাৰ লোক এজনক আটক কৰিছে হোজাই আৰক্ষীয়ে। বহুদিন ধৰি এইজন বিকৃত মানসিকতাৰ লোকে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ এখন প্ৰাথমিক বিদ্যালয়লৈ পঢ়িবলৈ অহা কণমানি ছাত্ৰীকলৰ সৈতে অশালীন ব্যৱহাৰ কৰি আহিছিল।

ঘটনাৰ বিৱৰণী মতে লংকাৰ ৰাজু দাস নামৰ এইজন লোকে বহুদিন ধৰি খেৰণিৰ চেংবং প্ৰথমিক বিদ্যালয়ৰ সন্মুখত স্কুটাৰৰ ওপৰত বহি থাকে। যেতিয়াই তেওঁৰ কাষেৰে কোনো নাবালিকা ছাত্ৰী পাৰ হৈ যায়, তেতিয়াই তেওঁ ফোনত কথা পতা যেন দেখুৱাই ছাত্ৰীসকলক অশালীল কথা কোৱাৰ লগতে অংগী-ভংগীও কৰে।

এয়া কিমান দিনৰ পৰা চলি আহিছে জনা নাযায় যদিও চলিত মাহৰ ২ তাৰিখে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কথাটো প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ কৰ্ণগোচৰ কৰে।

তাৰ পাচত বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে আলেচনা কৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে খেৰণি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।  ৬ তাৰিখেও পূৰ্বৰ দৰে লোকজন আহি বিদ্যালয়ৰ সন্মুখত হাজিৰ হয়। স্থানীয় লোকসকলে কথাটো সম্পৰ্কত তেওঁৰ সৈতে বুজাপৰা কৰিব খোজোতেই তেওঁ তাৰ পৰা পলাই যায়।

তাৰ পাছত আকৌ খেৰণি থানাক এই সম্পৰ্কে অৱগত কৰোৱা হয়।অৱশেষত আৰক্ষী এই অসামাজিক লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিদ্যালয় কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰটো গ্ৰহণ কৰিছে।