প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবীৰে বজালীত বিশ্ব পৰিৱেশ দিৱস পালন

environmenmt day bajali

সমগ্ৰ বিশ্বৰ লগতে বজালীতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি মানুহৰ জীৱনত সেউজীয়া পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক বিশ্বজনীন সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। পৰিৱেশ সংৰক্ষণ কোনো চৰকাৰ, সংস্থা বা কোনো ব্যক্তিৰ একক চেষ্টাত নহয়, বিশ্বৰ প্ৰত্যেক নাগৰিকেই নিজৰ নিজৰ পৰিৱেশ ৰক্ষা কৰিলেহে বিশ্বৰ পৰিৱেশ সংৰক্ষিত হৈ থাকিব।

এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক’।

বজালীত আজি বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছে  পাঠশালা ৰঙলী বিহু সন্মিলনীয়ে। ইয়াত সহযোগ কৰিছে গ্ৰীন মিশ্যন, প্ৰকৃতি-এক-প্ৰশস্ত আৰু বজালী মহাবিদ্যালয়ে।

এই অনুষ্ঠানত পাঠশালাত সমৱেত হোৱা ৰাইজৰ মাজত ৩০০ গছপুলি বিতৰণ কৰা হয়।

অসমৰ ব্ৰেণ্ড এম্বেছেডৰ, বজালী গ্ৰীন মিশ্যনৰ সঞ্চালক প্ৰকৃতিপ্ৰেমী আনন্দ খাটনিয়াৰ। ভাৰতীয় জীৱন বীমা নিগমৰ পাঠশালা শাখাৰ কৰ্মচাৰী খাটনিয়াৰে প্ৰদূষণৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে । আজি তেওঁ সমগ্ৰ বজালী মহকুমাত প্লাষ্টিক নিষিদ্ধ কৰাৰ দাবী তোলে।

এই কাৰ্যসূচীৰ অন্তৰ্গত এটা বিৰাট চাইকেল শোভাযাত্ৰা বাহিৰ কৰা হয় আৰু ইয়াত পাঠশালাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

বজালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ মকুমাৰ মহন্ত মহকুমা আৰক্ষী বিষয়া তিলেশ্বৰ শইকীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আনন্দ খাটনিয়াৰে এই বাৰে-ৰহণীয়া কাৰ্যসূচীটো উদ্বোধন কৰে।

সভাত সভাপতিত্ব কৰে পাঠশালা সৃষ্টিৰ সঞ্চালক শ্ৰী গৌতম তালুকদাৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে। তেখেতে প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশত কেনেদৰে বিৰূপ প্ৰভাৱ পেলায় তাক বহলাই ব্যাখ্যা কৰে। তেওঁ গোলকীয়া উষ্ণতা ৰোধ কৰাৰ বাবে প্লাষ্টিক নিষিদ্ধ কৰা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

স্বচ্ছতা অভিযানৰ অংশ হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে সাদেৰী ৰাজ্যিক চিকিৎসালয়ক প্লাষ্টিক মুক্ত এলেকা হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়ে। এই অনুষ্ঠানত থাকি অনুষ্ঠানৰ শোভাবৰ্ধন কৰিছিল ড০ শশাংক চৌধুৰী, ড০ ত্ৰিসংক কলিতা,ড০ শ্বেহনাজ আহমেদ আৰু যুৱ-কৰ্মী গুণজিৎ তালুকদাৰে। অনুষ্ঠানৰ সমন্বয়ক পাঠশালা সৃষ্টিৰ সম্পাদক আছিল শ্ৰী কবীন্দ্ৰ ঠাকুৰীয়া।