প্ৰধানমন্ত্ৰীৰ মেঘালয় ভ্ৰমণ : কাইলৈ শ্বিলঙত উপস্থিত হ’ব বিশেষ সুৰক্ষা গোটৰ (এছ পি জি) দল

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ অহা ১৬ ডিচেম্বৰৰ মেঘালয় ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত কাইলৈ অৰ্থাৎ বুধবাৰে ছিলঙত আহি উপস্থিত হ’বহি বিশেষ সুৰক্ষা গোটৰ (এছ পি জি) দল। সেইদিনাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী প্ৰকাশ কৰা হ’ব।

পূব খাচী পাহাৰৰ উপায়ুক্ত পি এছ ধাৰকাৰে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী বুধবাৰে এছ পি জি ৰ দল আহি পোৱাৰ পিছতহে ৰাজহুৱা কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ল’বলগীয়া প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ উপায়ুক্তগৰাকীয়ে বিভিন্ন বিভাগ আৰু আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে।

উক্ত বৈঠকতে পথ মেৰামতি, বেৰিকেড স্থাপন কৰা আৰু আদৰণি তোৰণ আদিৰ বিষয়ে আলোচনা কৰা হ’ব।

প্ৰধানমন্ত্ৰী মোডীয়ে চৰকাৰী অনুষ্ঠান এটাত ভাষণ ৰাখিবলগীয়া ষ্টেট কনভেনচন চেন্টাৰত পৰ্যাপ্ত পানীৰ যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হৈছে।

উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়াক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নেইগ্ৰীমছকে ধৰি সকলোবোৰ হাস্পাতলকে প্ৰস্তুত কৰি ৰখাৰ বাবে নিৰ্দেশ দিছে।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে সুৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি চলি আছে আৰু এছ পি জি দলৰ সৈতে আলোচনা কৰি সবিশেষ ব্যৱস্থা চূড়ান্ত কৰা হ’ব।

ৰাজ্যিক বিজেপিৰ নেতৃত্বই উপায়ুক্তগৰাকীক সাক্ষাৎ কৰি দলে প’লো গ্ৰাউণ্ডত আয়োজন কৰিবলগীয়া ৰাজহুৱা সভাখনৰ বিষয়ে আলোচনা কৰে। এছ পি জিয়ে অনুমোদন জনালে এইখন হ’ব প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলগীয়া পঞ্চমখন সভা।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সম্ভাৱ্য কাৰ্যসূচী অনুসৰি শনিবাৰে দুপৰীয়া ১ বজাত আপাৰ ছিলং হেলিপেডত অৱতৰণ কৰাৰ পিছত মোডী পোনে পোনে ভাষণ দিবলৈ ষ্টেট কনভেনচন চেন্টাৰলৈ যাব আৰু তাৰ পৰা পলো গ্ৰাউণ্ডৰ সভাত  অংশ ল’ব।

ইয়াৰ পিছতে তেওঁ বিভিন্ন ধৰ্মীয় নেতাসকলৰ সৈতে মিলিত হোৱাৰ এক কাৰ্যসূচী ৰখা হৈছে।