প্ৰশাসনৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়িয়া গুৱাহাটীত উপস্থিত

PrabiTogadiya

ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে বিশ্ব হিন্দু পৰিষদৰ বহিষ্কৃত শীৰ্ষনেতা তথা কট্টৰপন্থী হিন্দুত্ববাদী হিচাপে জনাজাত প্ৰবীণ ভাই টোগাড়িয়াক দুমাহৰ বাবে অসম ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও আজি সেই নিষাধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই নেতাজন পুৱাতে গুৱাহাটীত উপস্থিত হৈছেহি।

গুৱাহাটীত ১৮ আৰু ১৯ জুলাইত অনুষ্ঠিত হ’ব লগীয়া নৱগঠিত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ এখন সন্মিলনত  নেতাজনে ভাষণ দিয়াৰ কথা।

মন কৰিব লগীয়া যে সততে সাম্প্ৰদায়িক মন্তব্য দিয়া আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা নেতাজনক ৰাজ্যখনত এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়ত পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ শংকা কৰি ৰাজ্য প্ৰশাসনে ভ্ৰমণত নিষাধাজ্ঞা আৰোপ কৰিছিল। কিন্তু তাৰ পিছতো সংগঠনটোৰ তৰফৰ পৰা নেতাজন আহিবই বুলি হুংকাৰ দিয়া হৈছিল। লগতে সংগঠনটোৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ বিৰোধী শ্ল’গান দি আৰু মোদী আৰু সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰিছিল।

এই নিষেধাজ্ঞা আৰু প্ৰবীণ ভাইৰ সৈতে থকা হিন্দুত্ববাদী শিবিৰটোৰ প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত আজি নেতাজনৰ উপস্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে। চৰকাৰৰ স্থিতি এই ক্ষেত্ৰত সকলোৱে মন কৰিব লগীয়া বিষয়। আনহাতে প্ৰশাসনে নেতাজনক গ্ৰেপ্তাৰ কৰিব নে নিষ্ক্ৰিয় ভূমিকা লয় সেয়াও লক্ষণীয় হ’ব।

প্ৰবীণ ভাই টোগাড়িয়াই আজি বৰঝাৰ বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আহে। তাৰ পিছতে তেওঁ উগ্ৰতাৰা মন্দিৰ দৰ্শন কৰিব। মন্দিৰ দৰ্শনৰ অন্তত পৰিষদৰ বিষয়ববীয়াৰে বৈঠকত মিলিত হ’ব টোগাড়িয়া। ছচিয়েল মিডিয়া টীমৰ সৈতেও মিলিত হ’ব আলোচনাত। আন্তঃৰাষ্ট্ৰী হিন্দু পৰিষদৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।