প্ৰসংগ মহিলা বিশ্ববিদ্যালয়ঃ যুযুধান শাসক-বিৰোধীৰ বাবে ১৫ মিনিট সদন স্থগিত

assam-assembly

মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগক লৈ বৃহস্পতিবাৰেও উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া। আজি প্ৰথমে সদনত মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ তাৰ পিছতেই শাসক আৰু বিৰোধীৰ বিধায়কে থিয় হৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ-প্ৰতিঅভিযোগেৰে এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ কংগ্ৰেছ বিধায়কসকলে আনকি নিজৰ আসনৰ পৰা উঠি আহি অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷

অধ্যক্ষই বাৰে বাৰে কংগ্ৰেছ বিধায়কসকলক বহিবলৈ ৰুলিং দিয়ে যদিও কংগ্ৰছ বিধায়কসকলে ৰুলিং অৱমাননা কৰাত ১৫ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই ৷ অধ্যক্ষই সদন স্থগিত ঘোষণাৰ পিছতেই কংগ্ৰেছৰ বিধায়কসকল সদনৰ পৰা ওলাই আহি  লগে লগে বিধানসভাৰ বিৰোধী দলৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত কৰে৷ কংগ্ৰেছৰ আটাইকেইজন বিধায়ক উক্ত বৈঠকত উপস্থিত থাকে৷

উল্লেখযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত সদনত বিশেষ আলোচনা বিচাৰিছিল কংগ্ৰেছে ৷ তৰুণ গগৈয়ে সেই বিষয়টো উত্থাপন কৰোতেই হুলস্থূল লাগে সদনত। এই আলোচনাৰ বাবে অধ্যক্ষই অনুমতি নিদিয়াত সদনৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিবাদী কংগ্ৰেছ বিধায়কক আসনত বহিবলৈ অধ্যক্ষই ৰুলিং দিছিল৷

মহিলা বিশ্ববিদ্যালয় প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজেত সদন স্থগিত হোৱা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ।