প্ৰস্তুতি সম্পূৰ্ণ : ৩০ জুলাইত প্ৰকাশ পাব এনআৰচিৰ পূৰ্ণাংগ খচৰা

এন আৰ চি

উচ্চতম ন্যায়ালয়ৰ নিৰ্ধাৰিত সময়ত চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ এনআৰচি কৰ্তৃপক্ষ সাজু হৈছে। বিভিন্ন চক্ৰই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ চলাই আছে যদিও ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ  বদ্ধপৰিকৰ এন আৰ চি কৰ্তৃপক্ষ। সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰিছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

স্থানীয় পৰ্যায়ত থকা এন আৰ চিৰ নাগৰিক পঞ্জীয়কে কাৰ নাম এন আৰ চিত সোমাব আৰু কাৰ নাম নোসোমাব, সেই কথা নিৰীক্ষণ কৰি তথ্যভুক্ত কৰাৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে। একেদৰে প্ৰকৃত তথ্যৰ ভিত্তিত নাম অন্তৰ্ভুক্ত হৈছেনে নাই, সেই কথা চক্ৰ পঞ্জীয়কে পৰীক্ষণ কৰাৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে।

আনহাতে,  ২১ জুলাইৰ পৰা অহা ২৬ জুলাইৰ ভিতৰত খচৰা এনআৰচিৰ বাবে পি ডি এফত কেন্দ্ৰীয়ভাৱে তথ্য ভুক্তিৰ কাম সম্পূৰ্ণ কৰা হ’ব। ২৩ জুলাইৰ পৰা ২৯ জুলাইৰ ভিতৰত খচৰা এন আৰ চি ৩টা মূল কপি ছপা কৰাৰ কাম সমাপ্ত হ’ব। ২৯ জুলাইৰ ভিতৰত ২২ লাখ পৃষ্ঠাৰ খচৰা এনআৰচি ছপা হৈ ওলোৱাৰ পাছত অহা ৩০ জুলাইত ইয়াক ৰাজহুৱা কৰা হ’ব।

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মাধ্যমৰ  সদৰী কৰে যে এইখন এনআৰচিৰ পূৰ্ণাংগ খচৰাহে, চূড়ান্ত এনআৰচি নহয়। এই খচৰা প্ৰকাশৰ পাছত নাম বাদ পৰাসকলে তথ্য-পাতিৰে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে পুনৰ আবেদন কৰাৰ সুযোগ পাব।

হাজেলাই কয় যে সকলো ভাৰতীয়ৰ নাম চূড়ান্ত এন আৰ চিত থাকিব। যিসকলৰ নাম থাকিব, তাত কাৰোবাৰ নাম, বানান আদি ভুলকৈ প্ৰকাশ পাব পাৰে। তেওঁলোকে সেইবোৰ সংশোধনৰ সুযোগ পাব। সেইদৰে কোনো অযোগ্য লোকৰ নাম যদি এনআৰচিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাটো দৃষ্টিগোচৰ হয়, তেন্তে তাৰ বাবে আপত্তি দৰ্শোৱাৰ সুযোগো থাকিব।

হাজেলাই জানিব দিয়ে যে তথ্য-পাতিৰে নাম সুমুৱাবলৈ পুনৰ আৱেদন কৰা, ভুল শুধৰণি বা কাৰোবাৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ প্ৰ-পত্ৰ আদিৰ বিষয়ে এনআৰচি কৰ্তৃপক্ষই সময়ত জনাব। তদুপৰি এন আৰ চিৰ বিষয়াসকলে এই সকলোবোৰ বিষয়ত ৰাইজক সহযোগ কৰিব।

ইপিনে এনআৰচিয়ে অসমত মুছলমান লোকক নাগৰিকত্বহীন কৰাৰ লগতে ৰহিঙীয়া মুছলমানৰ দৰে খেদি পঠোৱাৰ দিহা কৰা বুলি আন্তৰ্জাতিক স্তৰত ছ’চিয়েল মিডিয়াত একাংশ ষড়যন্ত্ৰকাৰীয়ে প্ৰচাৰ চলাইছে।

একেদৰে নেতিবাচক প্ৰচাৰৰ দ্বাৰা এনআৰচি-বিৰোধী জনমত গঠনৰ বাবে কিছুমান চক্ৰই কাম কৰি থকাৰ বিপৰীতে এনআৰচিৰ সপক্ষেও ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ চলি আছে।অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত সৃষ্টি হ’ব পৰা সম্ভাৱ্য আইন-শৃংখলাজনিত সমস্যাৰ বাবে চৰকাৰে নিৰাপত্তা ব্যৱস্থা সাজু কৰি ৰাখিছে।