প্ৰেছিডেন্সিয়েল কাপ বেছবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত-নেপাল

india-pakistan-baseball

প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেন্সিয়েল কাপ বেছবল টুৰ্ণামেণ্টৰ ফাইনেলত আজি সমুখ সমৰত নামিব ভাৰত আৰু নেপাল। বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত ভাৰতে বাংলাদেশক ৩০-১ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ আৰম্ভণি মেচত নেপালক ২৫-৪ আৰু দ্বিতীয় মেচত ভাৰত ’এ’ দলক ২০-০ ব্যৱধানত পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰে। ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত নেপালে ভাৰত ’এ’ দলক ১৫-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

বিশ্বৰ কেইবাখনো দেশৰ আগশাৰীৰ দলৰ অনুপস্থিতিত আয়োজক ভাৰতে দুটা দলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ভাৰতৰ মূল দলটোৱে এই পৰ্যন্ত কোনো এখন মেচতে পৰাস্ত হোৱা নাই।

লক্ষণীয়ভাৱে এই আন্তঃৰাষ্ট্ৰীয় বেছবল টুৰ্ণামেণ্টখনত ৰাষ্ট্ৰীয় দলৰ হৈ অসম আৰক্ষীৰ চাৰিগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ৰাষ্ট্ৰীয় মূল দলৰ হৈ কমাণ্ডো বেটেলিয়নৰ প্ৰফুল্ল গগৈয়ে খেলাৰ উপৰি চতুৰ্থ অসম আৰক্ষীবাহিনীৰ সঞ্জয় কলিতা, হেমন্ত কুমাৰ নাথ আৰু মনোজ দাসে প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় ‘এ’ দলক প্ৰতিনিধিত্ব কৰে। অসমৰ আনগৰাকী খেলুৱৈ দুলীয়াজানৰ ৰবি কুমাৰ সিঙেয়ো ৰাষ্ট্ৰীয় মূল দলত খেলাৰ সুযোগ লাভ কৰে।