প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা নৰাধম যুৱকৰ

নিৰ্যাতন

কাছাৰ জিলাৰ জিৰিঘাটত এজন যুৱকে এগৰাকী কিশোৰীক প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ধৰ্ষণ কৰি হত্যা কৰাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে বিকাশ নাথ নামৰ যুৱকজনে আজি কিছুদিনৰ পৰা কিশোৰীগৰাকীক অনুসৰণ কৰি আছিল আৰু পিছলৈ কিশোৰী গৰাকীক যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু কিশোৰী গৰাকীয়ে যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰে। ফলত যুৱকজনে কিশোৰীগৰাকীৰ ওপৰত প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে।

সেই উদ্দেশ্যে শুকুৰবাৰে কিশোৰী গৰাকী ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি যুৱকজন কিশোৰী গৰাকীৰ ঘৰত প্ৰৱেশ কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ লগতে কিশোৰী গৰাকীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰাৰ চেষ্টা কৰা বুলিও সন্দেহ কৰা হৈছে।

অৱশ্যে সৌভাগ্যক্ৰমে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰী গৰাকীক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰু লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক পৰিয়ালৰ লোকে ওচৰৰ চিকিৎসালয়লৈ নিয়ে যদিও পিছত উন্নত চিকিৎসাৰ বাবে শ্বিলঙৰ চিকিৎসালয়লৈ নিয়ে।

ইফালে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰু আৰক্ষীয়ে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৰুজু কৰা গোচৰৰ ওপৰত ভিত্তি কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই অভিযুক্ত বিকাশ নাথক আটক কৰাৰ লগতে নাথৰ সহযোগী সুব্ৰত নাথকো আটক কৰে।