পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

manas-national-park-gate-678x381

যোৱা ৩০ জুনৰ পৰা সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান । মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে উদ্যানখনৰ ভিতৰি ভাগৰ বাট-পথসমূহ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰাত কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৫ অক্টোবৰতে ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাৰ উপস্থিতিত বি টি চিৰ কাৰ্যবাহী সদস্য অনছুমৈ ব্ৰহ্মৰ সহযোগিতাত বি টি এ ডিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকনে পৰ্যটকৰ বাবে মুকলি কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। তেতিয়াৰ পৰাই দেশী-বিদেশী পৰ্যটকে ৩০ জুনলৈকে ভিৰ কৰিছিলহি ৰাষ্ট্ৰীয় উদ্যানখনত।

ইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি  বিগত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৩৭,২৬৭ গৰাকী দেশীয় পৰ্যটক আৰু সেই বৰ্ষৰে একে মাহৰ পৰা ৪৮০গৰাকী বিদেশী পৰ্যটক মানাহলৈ আহিছিল। ইয়াৰ ফলত উদ্যান কৰ্তৃপক্ষই ৮০,৭১,০৩৫ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে ২০১৬-১৭ বৰ্ষত পৰ্যটকৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰা ৰাজহৰ পৰিমাণ আছিল ৭৪.১৫ লাখ টকা।