ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ অ’মেন এচিভাৰ্ছ এৱাৰ্ড অব এক্সিলেন্স

Award

মুখ্য মন্ত্ৰীৰ সৈতে বঁটা প্ৰাপক মহিলাকেইগৰাকী।

আজি এক অনুষ্ঠানৰ জৰিয়তে পাঁচগৰাকী মহিলালৈ ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ তৰফৰ পৰা অ’মেন এচিভাৰ্ছ এৱাৰ্ড অব এক্সিলেন্স ২০১৭-১৮ প্ৰদান কৰা হয়।

মহানগৰীৰ এখন প্ৰতিষ্ঠিত হোটেলত ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজে আয়োজন কৰা এখন সভাত মহিলাকেইগৰাকীক এই বঁটা প্ৰদান কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বঁটা পোৱা মহিলাকেইগৰাকী হ’ল- নাগালেণ্ডৰ বিশিষ্টা সাংবাদিক আৰু প্ৰকৃতি সংৰক্ষণবিদ বানু হাৰালু, অসমৰ পৰম্পৰাগত থলুৱা গহনাৰ ডিজাইনাৰ লক্ষ্মী বৰুৱা ভূঞা, ভোটজলকীয়াক বিশ্বৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় কৰাত আগ ভাগ লোৱা কৃষি উদ্যোগী লীনা শইকীয়া, মণিপুৰৰ পৰম্পৰাগত খাদ্য সংৰক্ষণ আৰু সংসাদনৰ ক্ষেত্ৰত বিশেষ বৰঙনি যোগোৱা এইচ্ছ শুভ্ৰদেৱী আৰু বাণিজ্যৰ জগতত বিশেষ সফলতা লাভ কৰা সৰোজ খেমকা।

আজি আটাইকেইগৰাকীকে বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে মহিলাৰ মাজত সফলতা লাভ কৰিব পৰাকৈ অপাৰ শক্তি নিহিত হৈ থাকে। সেয়েহে মহিলাসকলে নিজৰ মাজত অন্তৰ্নিহিত হৈ থকা এই শক্তি উপলব্ধি কৰিব লাগিব। মহিলা শক্তিক তেওঁ মহাশক্তি বুলিও দাবী কৰে। আনহাতে যিসকল মহিলা উদ্যোগীয়ে উদ্যমিতা প্ৰদৰ্শনৰ জৰিয়তে কৃতকাৰ্য্যতা লাভ কৰিছে সেইসকলক উপযুক্ত মৰ্য্যাদা প্ৰদানত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও মুখ্য মন্ত্ৰীজনে কয়।

তেওঁ অ’মেন এচিভাৰ্ছ এৱাৰ্ড অব এক্সিলেন্স ২০১৭-১৮ বঁটা লাভ কৰা মহিলাকেইগৰাকী কষ্ট সহিষ্ণুতাৰ নিদৰ্শন বুলি কয়।

আনহাতে মুখ্য মন্ত্ৰীজনে অলপতে অনুষ্ঠিত এডভাণ্টেইজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে ৰাজ্যখনৰ সম্পদ আৰু সম্ভাৱনীয়তাক বিশ্বৰ বিনিয়োগকাৰীসকলৰ সন্মুখত সফলভাৱে প্ৰদৰ্শন কৰা হৈছে বুলি উল্লেখ কৰে। বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণৰ প্ৰয়াসকে ধৰি তেওঁ চৰকাৰে লোৱা কেতবোৰ উল্লেখযোগ্য পদক্ষেপৰ কথাও সভাত দাঙি ধৰে।