বক্সাৰ অংকুশিতা বড়োলৈ ২লাখ টকাৰ অৰ্থ-সাহায্য বিটিচি প্ৰশাসনৰ

অসমৰ বক্সাৰ অংকুশিতা বড়োলৈ বিটিচি প্ৰশাসনে ২ লাখ টকাৰ অৰ্থ-সাহায্য ঘোষণা কৰিছে। বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণ পদক জয়ৰ আশা সজীৱ কৰি ৰখা অংকুশিতাৰ ওপৰত এতিয়া দেশৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ আছে। বৰ্তমান ১৭ বছৰীয়া অংকুশিতাই স্বৰ্ণ জয়ৰ খিতাপ অৰ্জনৰ বাবে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। আজি সন্ধিয়া গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অৱতীৰ্ণ হ’ব অংকুশিতা। বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে অংকুশিতা বড়োলৈ তেওঁৰ শুভেচ্ছা জনাই কয় যে বিটিচি প্ৰশাসনে অংকুশিতাই আন্ত:ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই অৰ্থ সাহায্য ঘোষণা কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা আন্ত:ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ নিজৰ পৰিক্ৰমা উন্নীত কৰা অংকুশিতাই আজি ৬৪ কেজি শাখাত ৰাছিয়াৰ খেলুৱৈৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব।