বৰপেটা জিলাৰ বজালী উপ সংমন্দলৰ অন্তৰগত পাটাচাৰকুছি আৰক্ষী চকীৰ ওচৰৰ কুৱাৰাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰেক্টৰ আৰু স্কুটিৰ মাজত হোৱা দুৰ্ঘটনাটোৰ ফলত এজন লোক গুৰুতৰ ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি পাঠশালাৰ দিশত গৈ থকা এ এছ ২৮/ ১৭২১ নম্বৰৰ স্কুটিখনক একে দিশত আহি থকা এখন নম্বৰ প্লেটবিহিন তীব্ৰবেগী ট্ৰেক্টৰে খুন্দা মৰাৰ ফলত লোকজন গুৰুত্তৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে স্কুটিখনৰো বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাটোত আঘাত পোৱা লোকজনক থমনাৰ গীতাৰ্থ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে তেওঁ কিবা কামত ঘৰৰ পৰা পাঠশালালৈ গৈ আছিল। আনহাতে পাটাচাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেন কলিতায়ে জনোৱা মতে আহত গীতাৰ্থ তালুকদাৰক দুৰ্ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজৰ সহযোগত পাঠশালাৰ চহিদ মদন ৰাউতা চিকিৎসালয়লৈ লৈ অনা হয়। কিন্তু তেওঁৰ অৱস্থা বেছি সংকটজনক হৈ পৰাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন আহত
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
শশাংক তালুকদাৰ
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
শশাংক তালুকদাৰ
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
শশাংক তালুকদাৰ
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
শশাংক তালুকদাৰ
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
শশাংক তালুকদাৰ
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
শশাংক তালুকদাৰ
May 19, 2024 7:51 am