বটদ্ৰবাৰ ধনীয়াভেটিত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত; আহত ৫ জন

নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ধনীয়াভেটি গাঁৱত আজি পুৱাৰ ভাগত দুটা ফৈদৰ মাজত ভূমিকেন্দ্ৰিক বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা হয়।

প্ৰাপ্ত তথ্য মতে বটদ্ৰবা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়া ভেটিৰ আব্দুল বাতিন (৫০) নামৰ লোকজনে বুধবাৰে নিশা একেটা চুবৰীতে বসবাস কৰা দাঁতি কাষৰীয়া ৰিয়াজ উদ্দিনৰ ঘৰলৈ শিল, ইটা আদি দলিওৱাৰ ফলত আজি পুৱাৰ ভাগত প্ৰথম অৱস্থাত দুই ফৈদৰ মাজত কথাৰ কটাকটি হৈ কাজিয়াৰ সূত্ৰপাত হয়।

আৰু পিছলৈ সংঘাতে চূড়ান্ত ৰূপ পোৱাত আব্দুল বাতিন আৰু ৰিয়াজউদ্দিনৰ দুই ফৈদে দা’-যাঠিৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰাৰ ফলত দুই ফৈদৰ ৫ জন লোক আহত হয়।

আনহাতে দুই ফৈদৰ মাজৰ সংঘাতৰ ফলত গুৰুতৰভাৱে আহত ৰিয়াজউদ্দিন, অাব্দুল কাচেম অাৰু মজিবুৰ ৰহমানক বটদ্ৰৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে অাব্দুল বাতিন অাৰু অাব্দিল জলিলক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে বটদ্ৰবা অাৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।