বটদ্ৰৱাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুণ্ডা মেজিকৰ; গুৰুতৰভাৱে আহত মহিলাসহ চাৰিজন

accident-570x320

প্ৰতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথৰ কৰৈগুড়িত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মহিলাসহ চাৰিজন লোক গুৰুতৰভাবে আহত হয়৷

ঘটনাৰ বিবৰণী মতে, দেওবাৰে বিয়লি প্ৰায় তিনি বজাত এ-০২-বিচি -৫০৪৫ নম্বৰৰ মেজিক গাড়ী এখনে নগাঁৱৰ পৰা ধিং অভিমুখে গৈ থকা অৱস্থাত কৰৈগুড়িত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে।

এই দুৰ্ঘটনাটোৰ ফলত যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় ৰহিমা খাতুন (৩২), ছাইফুল ইছলাম(৪৮), মৰিয়ম নেচা(৩০) আৰু ছাহজাহান ৰাব্বানী( ৪০)। আহত লোক কেইজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত লগে লগে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।

কিন্তু লোককেইজনৰ আঘাত গুৰুতৰ হোৱাৰ বাবেই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে ছাহজাহান ৰাব্বানী আৰু মৰিয়ম নেচাৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে৷