বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত বনাঞ্চল বেদখল উচ্ছেদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে অসমে এক অবাঞ্চিত অভিলেখ সৃষ্টি কৰিছে। চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আদি বেদখলৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থানত আছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি বনভূমি বেদখলৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ পিছতেই অসম দ্বিতীয় স্থানত আছে। তথ্য অনুসৰি মধ্য প্ৰদেশৰ ৫,৩৪,৭১৭.২৮ হেক্টৰ বন ভূমিৰ বিপৰীতে অসমৰ ৩,১৭,২১৫.৩৯ হেক্টৰ বন ভূমি বেদখলকাৰীৰ কবলত। মন কৰিবলগীয়া যে অসমৰ তিনি লাখ হেক্টৰ বনভূমি বেদখল হোৱাৰ বিপৰীতে উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনত খুব কম সংখ্যকহে বনাঞ্চল বেদখল হৈছে। আনহাতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বনবিভাগ আৰু প্ৰশাসন বিভাগে আমচাং বনাঞ্চল, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলং জিলাৰ দলদলী বনাঞ্চলৰ পৰা বিভিন্ন বেদখলকাৰী পৰিয়ালক উচ্ছেদিত কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাত্ৰ দুই বছৰৰ ভিতৰতে হ্ৰাস পাইছে অসমৰ ৮৪ বৰ্গ কিলোমিটাৰ বনভূমি। প্ৰতিবেদন অনুসৰি কৃষি কৰ্মৰ স্থানান্তৰকৰণ, ভূমি খনন আদি কাৰণতে সংৰক্ষিত বনাঞ্চলসমূহ বেদখল কৰি আহিছে। এই প্ৰতিবেদনে প্ৰকৃতিপ্ৰেমীলৈ কঢ়িয়াই আনিছে এক দুখবৰ।