বন্ধ সংস্কৃতি বন্ধ কৰাৰ বাবে তৎপৰ বিধানসভাৰ আইন ৰূপায়ন সমিতি

shops-keep-their-shutters-down-in-golaghat-town-214975

অসম বন্ধ : প্ৰতিনিধিত্বমূলক ফটো

অসম বন্ধ, পথ অৱৰোধ আদি কাৰ্যসূচী ৰূপায়নৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সাধাৰণ লোকৰ জীৱন-যাত্ৰাত এই কাৰ্যসূচীসমূহে পেলাই অহা প্ৰভাৱৰ বিষয়টো দীৰ্ঘদিন চৰ্চা লাভ কৰি আহিছো যদিও এইক্ষেত্ৰত কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। আনহাতে, এই কাৰ্যসূচীসমূহ  নিষিদ্ধ কৰিলে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ দাবীৰ পক্ষতো বহুতে অৱস্থান কৰাৰ বাবে বিষয়টো এক বিতৰ্কৰ মাজতে ৰৈ আছে।

বিভিন্ন দল-সংগঠনে আহ্বান জনাই অহা অসম বন্ধ, পথ বন্ধ আদি নিষিদ্ধ কৰাৰ বাবে এইবাৰ তৎপৰতা প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে অসম বিধানসভাৰ আইন ৰূপায়ণ সমিতি আলোচনাত মিলিত হয়। আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ‘বন্ধ’ৰ বিৰোধিতা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

পথ অৱৰোধ বা পথ বন্ধই লক্ষ লক্ষ জনতাক ক্ষতিগ্ৰস্ত কৰে আৰু সেই কাৰ্যই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি আহিছে বুলি বৈঠকত সমিতিয়ে বিবেচনা কৰি এই সন্দৰ্ভত যাতে যাৱতীয় ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যায়, তাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়াই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

সমিতিয়ে এই কথা গুৰুত্ব সহকাৰে বিবেচনা কৰে কিয়নো পথ বন্ধ কৰি ৰখাৰ অধিকাৰ কাৰো নাই। সকলো ৰাইজৰ পথেৰে যোৱাৰ অধিকাৰ আছে। কিন্তু বন্ধৰ নামত আন্দোলনকাৰীয়ে জনতাক বাধা দিয়াই নহয়, গাড়ী-মটৰৰো ক্ষতিসাধন কৰে, যিটো আইন বৰ্হিভূত।

সেয়ে এইক্ষেত্ৰত যথোচিত ব্যৱস্থা ল’বলৈ সমিতিয়ে চৰকাৰক আহ্বান জনায়। সমান্তৰালভাৱে পথ অৱৰোধৰ নামত টায়াৰ জ্বলোৱাটো বন্ধ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক পৰামৰ্শ আগবঢ়ায়। টায়াৰ জ্বলালে পৰিৱেশ প্ৰদূষিত হয় বাবে টায়াৰ জ্বলোৱাটো নিষিদ্ধ কৰাৰ পৰামৰ্শ আগবঢ়ায়।

আনহাতে, অসম বন্ধ বা জিলা বন্ধ আদি ‘বন্ধ’ কৰাৰ ক্ষেত্ৰত যিহেতুকে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনা আছে, সেয়ে উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ বিধানসভাৰ আইন ৰূপায়ণ সমিতিয়ে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক আহ্বান জনায়।