বাক্সাৰ বাৰাপেটাত বনৰীয়া হাতীয়ে ভাঙিলে মানুহৰ ঘৰ

House destroyed by wild elephent

বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ বাৰাপেটাত বনৰীয়া হাতীয়ে চলোৱা তাণ্ডৱৰ ফলত অঞ্চলবাসীৰ মাজত এক আকংকময় পৰিবেশে বিৰাজ কৰে৷ জানিবপৰা অনুসৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বনৰীয়া হাতীৰ জাক উক্ত লোকালয়লৈ ওলাই আহে।

খাদ্যৰ সন্ধানত ওলাই অহা এই হাতীৰ জাকটোৰ মাজৰ পৰা এটা হাতী ফালৰি কাটি আহি বাৰাপেটাৰ বাসিন্দাসকলৰ বাসগৃহ সমূহত উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে। লগে লগে স্থানীয় ৰাইজৰ মাজত এক অভাৱনীয় পৰিস্থিৰ সৃষ্টি হয়।

এই বনৰীয়া হাতীটোৱে বাৰাপেটা অঞ্চলৰ ৰাজেন দাস, গদাধৰ দাস আৰু কল্পনা দাহাল নামৰ লোক তিনিজনৰ বাসগৃহ কেইটা সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ লগতে বহু টকাৰ সা সম্পত্তি নষ্ট কৰে বুলি জানিবলৈ দিয়ে।

এইদৰে বনৰীয়া হাতীয়ে আক্ৰমণ চলায় অঞ্চলটোৰ যথেষ্ট ক্ষয় ক্ষতি সাধন কৰাৰ ফলত অঞ্চলবাসী যথেষ্ট ক্ষোভত থকা পৰিলক্ষিত হৈছে।

অঞ্চলবাসীয়ে বনৰীয়া হাতীৰ উপদ্ৰপৱৰ কথা বাৰে বাৰে বন বিভাগক অৱগত কৰোৱাৰ পিচতো বন বিভাগৰ কোনো লোকে বিষয়টো সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ নকৰা তথা ঘটনাস্থলীত উপস্থিত নোহোৱা বুলি গাঁওবাসীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

গাঁওবাসীয়ে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক বনৰীয়া হাতীয়ে সৃষ্টি কৰা সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ তথা ক্ষতিগ্ৰস্থ পৰিয়ালকেইটাক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে বিভাগীয় মন্ত্ৰী তথা ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

উল্লেখযোগ্য যে বনাঞ্চল সমূহত বাঢ়ি অহা বেদখলে হাতীৰ বাসস্থান সংকুচিত কৰি অহাৰ ফলত ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাত এইদৰে বৃদ্ধি পাবলৈ ধৰা বুলি ৰাজ্যৰ প্ৰকৃতি প্ৰেমীয়ে ব্যক্ত কৰে।