বন বিভাগৰ কেলেংকাৰিয়ে জোকাৰিছে ৰাজ্য : আগতীয়া জামিনৰ চেষ্টা পলাতক বন বিষয়াৰ

PraneshwarDas

দীর্ঘদিনৰ পৰা শিল-বালিৰ ছিণ্ডিকেট চলাই তথা ভুৱা চালানৰ জৰিয়তে কোৰোণাৰে ধন চপাই অহা বন বিভাগৰ ৰেঞ্জাৰ প্ৰাণেশ্বৰ দাসক গুৱাহাটীত ২ জুলাইত গ্ৰেপ্তাৰ কৰাৰ পিছত গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ শিল-বালিৰ ছিণ্ডিকেটত জড়িত গোটেই চক্ৰটোৱেই শংকিত হৈ পৰিছে।

অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই (BIEO) তদন্ত কৰি থকা গোলাঘাটৰ দৈগ্ৰোং বালিৰ মহলত হোৱা দুৰ্নীতি আৰু কৰ ফাঁকিৰ ঘটনাটোত জড়িত আন সকলে ইয়াৰ পূৰ্বে তদন্তকাৰী দলটোক সাক্ষ্য দিছিল যদিও এতিয়া প্ৰায় সকলেই আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। বিশেষকৈ মুখ্য অভিযুক্ত জিলা বন বিষয়া ৰাজীৱ কুমাৰ দাসৰ কোনো সন্ধান পোৱা নাই আৰু তেওঁৰ ফোনটো ছুইচ্ছ অফ পোৱা গৈছে বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিছে। ৰাজীৱ কুমাৰ দাসে গোলাঘাটৰ জিলা বন বিষয়া হিচাপে দীৰ্ঘদিন ধৰি কাৰ্য্য নিৰ্বাহ কৰি আহিছিল আৰু তেওঁ এই সমগ্ৰ কেলেংকাৰিটোৰ মূল হোতা বুলি চিহ্নিত হৈছে। কেইমাহমান পূৰ্বে ৰাজীৱ কুমাৰ দাসক গুৱাহাটীলৈ মাতি আনি তদন্তকাৰী সংস্থাটোৱে সোধা-পোছাও কৰিছিল। তাৰ পাছৰ পৰাই বিষয়াজন পলাই আছে।

আনহাতে যোৱা মাৰ্চ মাহত প্ৰাণেশ্বৰ দাসেও তদন্তকাৰী সংস্থাটোৰ জাননীৰ সঁহাৰি জনাই তিনিবাৰকৈ সাক্ষ্য দিছিল। তদন্তকাৰী সংস্থাটোৰ পৰা জানিবলৈ দিয়া মতে, জিলা বন বিষয়া ৰাজীৱ কুমাৰ দাসৰ লগতে কেলেংকাৰিটোৰ মুঠ ছজনে আত্মগোপন কৰি আছে।

প্ৰায় এক কোটি টকাৰ কৰ ফাঁকিৰ কেলেংকাৰিটোত অভিযুক্ত ডেপুটি ৰেঞ্জাৰ মুকুল আলী হাজৰিকা আৰু বালি মহলদাৰ আব্দুল মিলুক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল তদন্তকাৰী সংস্থাটোৱে।

আনহাতে অভিযুক্ত কেইবাজনে ন্যায়ালয়ৰ পৰা আগতীয়া জামিনৰ চেষ্টা কৰি থকা বুলি গোপন সূত্ৰৰ পৰা খবৰ পোৱা গৈছে। প্ৰাণেশ্বৰ দাসেও জামিন ল’বৰ বাবে চেষ্টা কৰি আছিল বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন ঠাইত বালিৰ মহলৰ নামত বৃহৎ ছিণ্ডিকেট চলি থকা আৰু হিচাপ বিহীনভাৱে তথা ভুৱা চালানেৰে কৰ সংগ্ৰহৰ কথা সৰ্বজন বিদিত। এতিয়াও অনেক ঠাইত শিল-বালিৰ অবৈধ বেহা চৰকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত চলিয়ে আছে। এইবোৰত বহু ৰাজনৈতিক নেতাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহল এটাও জড়িত বুলি জানিব পৰা গৈছে। কাৰ্বি আংলঙত ইয়াৰ এটা ৰাজনৈতিকভাৱে শক্তিশালী চক্ৰ পূৰ্বৰ চৰকাৰৰ দিনৰ পৰা সক্ৰিয় হৈ আহিছে, যিটো এতিয়াৰ চৰকাৰেও উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।