বহিঃৰাজ্যত কাম কৰিবলৈ গৈ টীয়কৰ এজন লোক ৮ মাহে সন্ধানহীন

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা মাজু দাস।

যোৰাহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ  অন্তৰ্গত বনাই পথলিয়াল নামৰ গাঁৱখনৰ এজন লোক যোৱা প্ৰায় ৭ মাহে সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। জানিব পৰামতে মাজু দাস নামৰ এই লোকজন তেওঁৰ পুতেক আৰু পুতেকৰ এজন বন্ধুৰ সৈতে কাম বিচাৰি এই বছৰৰ মে’ মাহৰ ১৪ তাৰিখে ৰে’লযোগে নাচিকলৈ গৈছিল। ১৮ তাৰিখে তেওঁ ইটাৰ্চি ষ্টেইশ্যনত কিবা খোৱাবস্তু আনিবৰ বাবে নামি যায়। পিছত ৰে’লখন চলিবৰ সময়লৈকে মাজু দাস তেওঁৰ বাৰ্থটোলৈ ঘূৰ অহা নাছিল। তেওঁৰ পুতেকে তেওঁক ষ্টেইশ্যনটোত বিচাৰি চলাথ কৰে যদিও ক’তো নেদেখিলে। পুতেকে দেউতাক বেলেগ এটা বাৰ্থত উঠিব পাৰে বুলি ধৰি লৈ ৰে’লখনত উঠিল। কিন্তু পিছত গন্তব্যস্থল পোৱাৰ পিছতো দেউতাকক নাপাই, পুতেকজন মে’ৰ ২০ তাৰিখে ইটাৰ্চি ষ্টেইশ্যনটোলৈ দেউতাকক বিচাৰি আহে। দেউতাকক নাপাই তেওঁ হতাশ হৈ ৰে’লৱে’ আৰক্ষীক দেউতাক নিৰুদ্দেশ হোৱাৰ কথা জনায়। ইয়াৰ মাজতে যোৱা তিনি মাহমানৰ পূৰ্বে কলকাতা ষ্টেইশ্যনত মাজু দাসৰ দৰে চেহেৰাৰ এজন লোক দেখা পোৱা বুলি এটা গুজব প্ৰচাৰিত হয়। এই গুজবৰ সূত্ৰ খেদি পৰিয়ালৰ লোক লৰালৰিকৈ কলকাতা ৰে’ল ষ্টেইশ্যনলৈ যায়। কিন্তু এই খবৰ একেবাৰে ভিত্তিহীন বুলি গম পায়। এতিয়া পৰিয়ালৰ সদস্যসকল এক উপায়হীন অৱস্থাত মাজু দাসৰ সন্ধান পোৱাৰ আশাত সদায় উৎকণ্ঠিত হৈ আছে। তেওঁ পৰিয়ালৰ লোকে জনাইছে যে কোনোবাই যদি মাজু দাসৰ সন্ধান পায় বা তেনেকুৱা চেহেৰাৰ লোক ঠিকনাবিহীনভাৱে ঘূৰি ফুৰা দেখে 8638124262 নম্বৰত খবৰ দিয়ে যেন বা টীয়ক থানাত জনায়।