বহুদিনেই হ’ল, নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ অসম আৰক্ষী

ৰেৱতী ফুকন

আলফা নেতা পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ আঢ়ৈ মাহৰো অধিক দিন পাৰ হৈ গ’ল। কিন্তু এতিয়ালৈ সন্ধান নোলাল নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ। যিমানে দিন গৈ আছে সিমানে যেন পাহৰণিৰ গৰ্ভত সোমাই পৰিছে ৰেৱতী ফুকন নিৰুদ্দিষ্টৰ ঘটনা।

আনহাতে, পিতৃৰ সন্ধান বিচাৰি নিৰুদ্দিষ্ট ফুকনৰ পুত্ৰ কৌশিক ফুকনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে যদিও এতিয়ালৈ কোনো সন্ধান ওলাৱা নাই ৰেৱতী ফুকনৰ। পিতৃৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৱা ২৯ মে’ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ফুকনৰ পুত্ৰ কৌশিকে।

অহা ৯ জুলাইত ফুকন সন্ধানহীন হোৱা বিষয়টোৰ উচ্চতম ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব। এতিয়া শুনানিত আদালতে কি নিৰ্দেশ দিয়ে সেয়া সকলোৰে বাবে লক্ষ্যণীয় হৈ পৰিছে।

ইপিনে ফুকনৰ সন্ধানহীন হোৱা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ হাতত থকা তথ্য তেওঁলোকে বন্ধ খামত গোপন প্ৰতিবেদনযোগে আদালতত দাখিল কৰিব বুলি আদালতক অৱগত কৰিছে। আনকি বিগত শুনানিৰ সময়ত ৰাজ্য চৰকাৰে তেওঁলোকৰ হাতত থকা তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযাব বুলিও প্ৰকাশ কৰিছিল। কিন্তু প্ৰশ্ন হৈছে ৰাজ্য চৰকাৰৰ হাতত ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ কি তথ্য আছে?

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা এসময়ৰ পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন। ২২ এপ্ৰিলৰ পুৱা আন দিনাৰ দৰে ঘৰৰ পৰা খোজ কাঢ়িবলৈ ওলাই যোৱাৰ পাছতেই সন্ধানহীন হৈছিল ফুকন।

বৰ্তমান ৰাজ্যখনত সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনা প্ৰবাহৰ মাজতে ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ ঘটনাটো যেন ৰাজহুৱা স্মৃতিৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰিছে। ৰেৱতী ফুকনৰ নিৰুদ্দিষ্ট হোৱাৰ ঘটনাৰ সূত্ৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হৈ পৰাৰ অভিযোগ উঠিছে।