‘বাংলাদেশীক নাগৰিকত্ব প্ৰদান’ক লৈ বিক্ষোভ : জ্বলিল নাগৰিকত্ব সংশোধন বিধেয়কৰ প্ৰতিলিপি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ( Citizenship Amendment Bill ) বাতিল কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ জিলা সদৰসমূহৰ লগতে গুৱাহাটীৰ আমবাৰীতো গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আজি ৯ মে’ত জ্বলাই দিলে বিধেয়কখনৰ প্ৰতিলিপি।

বিয়লি প্ৰায় ২ বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত নাগৰিকত্ব বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি বিজেপি চৰকাৰে বিদেশীক স্বদেশী কৰাৰ সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত আখ্যা দিয়ে সংগঠনটোৱে।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা মহানগৰ জিলা সমিতিৰ সম্পাদক সুৰজ খানে সংবাদ মাধ্যমক কয় যে অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ নিচিনাকৈ এইবাৰো যদি হাজাৰ-হাজাৰজন লোকো চহিদ হয়, তথাপিও এই বিধেয়ক গৃহীত হ’বলৈ দিয়া নহ’ব।

সভাপতিগৰাকীয়ে লগতে কয় ‘যদি এইসকল বিদেশীক সংস্থাপন দিবলগীয়া হয় তেন্তে অসমীয়াৰ অস্তিত্ব নোহোৱা হ’ব সমগ্ৰ অসমত। কিয়নো কেতিয়াবা সেইসকল লগ হৈ অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব, অসমীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক সকলো অধিকাৰ খৰ্ব হ’ব।‘

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি গৰিয়া-মৰিয়া দেশীসকল খিলঞ্জীয়া অথবা অসমীয়া হিচাপে জীয়াই থকাৰ স্বাৰ্থত এই বিধেয়ক কোনোদিনে গৃহীত হ’ব দিব নোৱাৰে বুলি একেমুখে দাবী কৰে। অন্যথা ইয়াৰ বিৰুদ্ধে এক ভয়ংকৰ প্ৰতিবাদ তথা আন্দোলনৰ সূচনা কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে।