বাজিব লাগিছিল টেমী-কটাৰী, বাজিছে হাঁচতি : মমতা বেনাৰ্জীক কটাক্ষ প্ৰদ্যুৎ বৰদলৈৰ

Mamata Pradyut

‘বাজিব লাগিছিল টেমী-কটাৰী, বাজিছে হাঁচতি। মমতা বেনাৰ্জীয়ে অহেতুকভাৱে যি কথা কৈছে যে অসম ৰক্তাক্ত হ’ব, গৃহযুদ্ধ হ’ব, এইবোৰ মন্তব্য কৰাটো উচিত নহয়।‘ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

তদুপৰি ‘অসম শান্তিপূৰ্ণ ঠাই বুলি সদৰী কৰি তেওঁ লগতে ‘দায়িত্বশীল ৰাজনৈতিক দল হিচাপে কংগ্ৰেছে অসমত কোনোধৰণৰ অশান্তিকৰ পৰিস্থিতি হ’বলৈ কেতিয়াও দিব নোৱাৰে‘ বুলিও ব্যক্ত কৰে।

ইপিনে মমতা বেনাৰ্জীয়ে কালি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীক সাক্ষাৎ কৰাক লৈ সৰ্বত্ৰে বিষয়টোৱে চৰ্চিত হৈছে। এই ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰি কয়, ‘মমতা বেনাৰ্জীকে ধৰি অন্যান্য বিৰোধী দলসমূহক একত্ৰিত কৰি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চেষ্টা কৰিছে। সেয়েহে মমতা বেনাৰ্জীয়ে লগ ধৰাটো স্বাভাৱিক। ইয়াৰ অৰ্থ এইটো নহয় যে মমতা বেনাৰ্জীয়ে কোৱা প্ৰত্যেকটো কথাত কংগ্ৰেছে হয়ভৰ দিব। কংগ্ৰেছে মমতা বেনাৰ্জীৰ মন্তব্যত কেতিয়াও হয়ভৰ নিদিয়ে।‘

আনহাতে, গণতান্ত্ৰিক দেশ এখনত কোনোবাই কাৰোবাক লগ ধৰিব পাৰে বুলি দাবী কৰি বৰদলৈয়ে পুনৰ কয়, ‘ইয়াৰ অৰ্থ এইটো নহয় যে তৃণমূল কংগ্ৰেছৰ কথামতে কংগ্ৰেছে উঠা-বহা কৰিব।‘

তদুপৰি একেখন সংবাদমেলতে প্ৰদ্যুৎ বৰদলৈয়ে অসমতো এন আৰ চিৰ পিতৃ-মাতৃ ওলোৱা বুলি মন্তব্য কৰাৰ লগতে এন আৰ চিৰ কাম কংগ্ৰেছৰে নেতৃত্বত হোৱা বুলিও দাবী কৰে।

তেওঁৰ মতে ‘১৯৫১ চনতে তদানীত্বন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ হৈছিল। ঠিক তেনেদৰে ২০০৫ চনত তৰুণ গগৈ চৰকাৰৰ দিনতে প্ৰধান মন্ত্ৰীৰ পৰ্য্যায়ত অনুষ্ঠিত হোৱা বৈঠকতে এন আৰ চি খন পুনৰ ডিজিটেলভাৱে উন্নীতকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।‘

তদুপৰি, ১৯৮৫ চনৰ পৰা অগপ চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বা সেইদৰে ১৯৯৬ চনত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি-অগপৰ যুগলবন্দী আছিল যদিও এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে বিশেয় উদ্যোগ হাতত লোৱা নাছিল বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

আনহাতে, ‘প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি এনআৰচিৰ কৃতিত্ব তেওঁ ল’ব বিচাৰিছে’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কংগ্ৰেছ দলে দৃষ্টিকটুভাৱে এনআৰচিৰ কৃতিত্ব ল’বলৈ চেষ্টা কৰা নাই। কিন্তু সত্যৰ অপলাপ হোৱাটোও বিচৰা নাই।‘

অৱশ্যে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত এটা ভাল কাম কৰা বুলি তেওঁ প্ৰফুল্ল মহন্তক প্ৰশংসা কৰি লগতে কয়, ‘গোটেই দেশতে ভোটাৰ তালিকাসমূহৰ সংক্ষিপ্ত সংশোধনী হয়, তেতিয়া প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰে নিৰ্বাচনী আয়োগৰ সৈতে যোগাযোগ কৰি ব্যাপক ভোটাৰ তালিকা সংশোধনীৰ ব্যৱস্থা কৰিছিল।‘

আনহাতে, ব্যাপক ভোটাৰ তালিকা সংশোধনী হোৱাৰ ফলত ৩.৫ লাখ ডি-ভোটাৰৰ সৃষ্টি হোৱা বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘এইসকল ভোটাৰৰ নাম কৰ্তন কৰি প্ৰফুল্ল মহন্তই বিধান সভাৰ মজিয়াত ঘোষণা কৰিছিল যে এতিয়াৰ পৰা অসমৰ ভোটাৰ তালিকাত এজনো বিদেশী নাথাকিব। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইসকলৰ সৰহসংখ্যকে বিদেশী ন্যায়াধীকৰণে ভাৰতীয় বুলি স্বীকৃতি প্ৰদান কৰিলে।‘

উল্লেখ্য যে, উক্ত সংবাদমেলতে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে কয়, ‘তৰুণ গগৈৰ অনুৰোধ মৰ্মে মনমোহন সিঙে দিল্লীত অনুষ্ঠিত কৰা ত্ৰি-পাক্ষিক বৈঠকত সদৌ অসম ছাত্ৰ সন্থাই কেবল পৰ্য্যালোচনাহে বিচাৰিছিল। তেওঁলোকে এজেণ্ডাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰিব লাগে বুলি উল্লেখ কৰা নাছিল।‘

আনহাতে, এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত এতিয়া মিঠাই খোৱা আৰু খুওৱাৰ ধূম উঠা বুলি তেওঁ সংবাদমেলত কয়। তেওঁ কয়, ‘’মিঠাই খাই উল্লাস কৰিবলগীয়া কি পৰিস্থিতিৰ সৃষ্টি হৈছে? এতিয়াও লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বহুত দুৰৈত। এইবাৰকে ধৰি অসমৰ এনেকুৱা ধৰণৰ মিঠাই খোৱাৰ পৰিস্থিতি তিনিবাৰকৈ সৃষ্টি হৈছিল, য’ত যুক্তিতকৈ আবেগক বেছি প্ৰাধান্য দিয়া হৈছিল।‘