বাজেটত ৰাজ্যৰ কৃষকৰ বাবে একোৱেই নাই : কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি

Krishak_Shramik

বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি উত্থাপন কৰা বাজেটখন একত্ৰীকৰণ, সম্প্ৰসাৰণ তথা উত্তৰণমুখী বুলি নিজে অভিহিত কৰাৰ বিপৰীতে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এই বাজেটখনত কৃষকৰ বাবে বিশেষ একো আঁচনি নল’লে বুলি অভিযোগ তোলে।

আজি এখন সংবাদমেলৰ পিছত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ ৰাজ্যিক সভাপতি প্ৰদীপ কলিতাই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে যে কালিৰ বাজেটে অসমৰ কৃষকসকলৰ প্ৰতি একো বিশেষ ভাল খবৰ কঢ়িয়াই অনা নাই। বাজেটখন কৃষক ৰাইজক শত্ৰু জ্ঞান কৰা এখন বাজেট বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে কালি দাখিল কৰা বাজেটখনত হিমন্ত বিশ্ব শৰ্মাই কৃষকৰ পুৰণি ঋণৰ বোজা হ্ৰাস কৰাত কৃষকসকলক সহায় কৰাৰ বাবে লোৱা আঁচনিৰ নামত ৫০০ কোটি টকা ধাৰ্য্য কৰাৰ লগতে কৃষি উপকৰণ ক্ৰয়ৰ বাবে কৃষকসকলক ৭৫ শতাংশ ৰাজ সাহায্য (সৰ্বাধিক ৫০০০ টকা) দিয়াৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিগৰাকীয়ে ‘’কালিৰ বাজেটত কৃষকক কে চি চি ঋণ প্ৰদান কৰাৰ কথা উল্লেখেই নকৰিলে লগতে বান গৰাখহনীয়াৰ বাবদ কোনো ধন ধাৰ্য্য নকৰিলে‘’ বুলি অভিযোগ কৰে।

ইয়াৰোপৰি বান-গৰাখহনীয়াৰ সন্দৰ্ভত সংস্থাৰ সভাপতিজনে কয় ‘’গৰাখহনীয়াৰ ফলত ৰাজ্যৰ কৃষকসকলৰ কৃষিভূমি ধ্বংসৰ গৰাহত পৰিছে। তাৰোপৰি মই এই বিজেপি চৰকাৰৰ দিনতে কৃষি বিষয়াৰ মুখ্য কাৰ্য্যালয়ত গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষিভূমিৰ সঠিক হিচাপ বিচাৰি, ৰাজহ গাওঁৰ ক্ষতিগ্ৰস্তৰ খাতিয়ান বিচাৰি আৰ টি আই কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে এই আৰ টি আইৰ বৰ্তমান পৰ্যন্ত উত্তৰ দিব পৰা নাই।‘’

এই উত্তৰ দিব নোৱৰা বাবে কৃষি বিভাগক ধিক্কাৰ প্ৰদান কৰি তেওঁ কয়, ‘’উত্তৰ দিব নোৱৰাটোৱে বাজেটত কোনোধৰণৰ আঁচনি ধাৰ্য্য নকৰাটোকেই সূচায়।‘’

ইয়াৰোপৰি যোৱা বছৰ বাৰিষাৰ সময়ত কলিয়াবৰৰ হাতীমূৰা মথাউৰি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ভাঙিছিল। ইয়াৰ ফলস্বৰূপে কলিয়াবৰৰ বহুতো গাওঁ জলমগ্ন হৈ পৰিছিল।

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই এই মথাউৰি ততাতৈয়াকৈ নিৰ্মাণ কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে নিৰ্মাণ কৰা নাই বুলি কলিয়াবৰবাসী ৰাইজে অভিযোগ তুলিছে। সৌ সিদিনা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এই মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী তথা মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

এই সন্দৰ্ভত প্ৰদীপ কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘’ হাতীমূৰাকে ধৰি অসমৰ ১৪৯টা মথাউৰি বানপানীৰ ফলত ভাগিছে। এই বিষয়ে আমি কলিয়াবৰত কেশৱ মহন্তক সাক্ষাৎ কৰি ততাতৈয়াকৈ মথাউৰিকেইটা পুনৰ নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছিলো। কিন্‌তু দুৰ্ভাগ্যৰ বিষয় যে বাৰিষা কাল আহি পাবৰ হোৱাতো তেওঁলোকে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰাত ব্যৰ্থ হ’ল।

তেওঁৰ মতে, ‘মন্ত্ৰী বিধায়কসকলে কমিশ্যন খোৱাৰ অংকত বছৰৰ শেষলৈকে উন্নয়নমূলক কাম কৰিবলৈ ৰৈ থাকে।’

তদুপৰি তেওঁ মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি কয়, ‘মাৰ্চ মাহ শেষ হ’বলৈ হ’ল তথাপি মথাউৰি নিৰ্মাণৰ নামত ধাৰ্য্য কৰা ধন খৰচ কৰাত ব্যৰ্থ হ’ল। গতিকে আমি ক’ব বিচাৰিছো যে বিজেপি চৰকাৰৰ জলসম্পদ বিভাগকে ধৰি আটাইকেইটা বিভাগ উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত চৰম বিফল।’

হাতীমূৰা মথাউৰিকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলৰ জহি-খহি যোৱা মথাউৰি নিৰ্মাণত চলি আছে ব্যাপক কেলেংকাৰি হৈ আছে বুলি প্ৰদীপ কলিতাই দাবী কৰে।