বান সমস্যাৰ সমাধানৰ উপায় হিচাপে নদীসমূহৰ তলি খনন কৰাৰ আঁচনি লৈছে মণিপুৰ চৰকাৰে

ImphalRiver

ইম্ফল নদী।

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ বানপানী সমস্যাৰ এটি স্থায়ী সমাধান কৰাৰ বাবে ৰাজ্যখনৰ নদীসমূহৰ তলি খনন কৰাৰ এক অভিলাষী আঁচনি হাতত লৈছে।

এই আঁচনিৰ অন্তৰ্গত প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ইম্ফল নদীত খননৰ জৰিয়তে নদীৰ তলি গভীৰ কৰি পানী ধাৰণ আৰু অপসাৰণ ক্ষমতা বৃদ্ধি আৰু গতিপথ সলনি কৰি আৰু অন্য নদীৰ সৈতে সংযোগ কৰি বানপানী প্ৰশমনৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাৰ ভিত্তিত লোৱা আঁচনিখন ৰূপায়ণৰ কাম এতিয়া যুদ্ধকালীন গতিত চলি আছে।

জল সম্পদ বিভাগৰ মুখ্য অভিযন্তা কে প্ৰীতমে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে যে ৰাজ্যখনৰ নতুন চৰকাৰৰ তত্ত্বাৱধানত এই কাম চলাই নিয়া হ’ব।

মুখ্য অভিযন্তাজনে কয় যে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি বিবেচনা কৰি নিটি আয়োগৰ উপ সভাপতিগৰাকীক লৈ সঠিক  জল ব্যৱস্থাপনাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বানপানী সমস্যা সমাধানৰ  এটা দীৰ্ঘ্যম্যাদী পদক্ষেপ হিচাপে এলানি অধ্যয়ন চলোৱাৰ বাবে কেন্দ্ৰীয় পৰ্যায়ত এখন কাৰিকৰী বিশেষজ্ঞ কমিটীও গঠন কৰা হৈছে বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে বিগত বছৰ কেইটাত ৰাজ্যখনত সংঘটিত হোৱা ভালেকেইটা বানপানী আৰু ভূমিস্খলনৰ ঘটনাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । যোৱা বছৰৰ বাৰিষা কালত হোৱা বানপানীত ৩৬টা ঠাইত নদীৰ পাৰ ভঙাৰ ঘটনা ঘটিছিল।

জানিব পৰা গৈছে যে ৰাজ্য চৰকাৰে বৃহত্তৰ ইম্ফলৰ উত্তৰ দিশত থকা লামফেলপটত থকা এটা জলাহভূমিক ৪৪২ একৰৰ এটি জলাধাৰলৈ পৰিৱৰ্তন কৰাৰ এটা আঁচনি হাতত লৈছে। এই এলেকাটোৰ বিকাশ সাধন কৰাৰ এই প্ৰকল্পত পৰিৱেশ, মৎস পালন, জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগেও সহয়োগিতা কৰিব।

উল্লেখ্য যে বাৰিষাৰ সময়ত এটি প্ৰাকৃতিক জলাধাৰৰ ভূমিকা পালন কৰা লামফেলপট ভালেকেইটা চৰকাৰী আৰু অন্যন্য বেচৰকাৰী কাৰ্যালয়, আবাস আদিৰে ভৰি পৰা বাবে এই জলাহভূমিটোৰ আয়তন কমি আহিছে।

এই সন্দৰ্ভত অতিৰিক্ত মুখ্য অভিযন্তা ৱায় যোগেশ্বৰে জনাইছে যে ৱাইথাউপট, আইৰং নাল্লা (উজনি) আইৰং নাল্লা(নামনি) জলাধাৰকেইটাৰো বিকাশ সাধন কৰি বানপানী সমস্যা সমাধান কৰাৰ চেষ্টা কৰা হ’ব।

ৰাইজৰ দাবীত তিনি বছৰ পূৰ্বে গঠন হোৱা বিশ্বৰ বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ পানীৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যৰ জল নীতি কাৰ্যকৰী কৰি তুলিব।