এটা কৰুণ ঘটনাত যোৱা নিশা শোণিতপুৰ জিলাৰ বালিপৰাৰ বামগাওঁ অঞ্চলত তীব্ৰবেগী ৰে’লৰ খুন্দাত ছটাকৈ হাতীৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই অহা হাতীৰ পাল এটাই ৰে’ললাইন পাৰ হ’ব খোজোতেই গুৱাহাটী-নাহৰলগুন উজনিমুৱা ৰে’লখন উক্ত ঠাই পায় আৰু হাতীৰ পালটোক মহতিয়াই নিয়ে। ফলত ছটাকৈ হাতীৰ থিতাতে মৃত্যু হয়। ছটাকৈ হাতীৰ এই কৰুণ মৃত্যুক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সকলে। সকলোৱে একমুখে বনবিভাগৰ অকৰ্মণ্যতাক গৰিহণা দিছে। উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত নিয়মীয়াকৈ বনৰীয়া হাতীৰ মৃত্যু হৈ আহিছে। হাতী-মানুহৰ সংঘাতত ক’ৰবাত যদি হাতীৰ মৃত্যু হৈছে, ক’ৰবাত মানুহৰ। যোৱা ২০১৩-১৬ চনৰ ভিতৰতে অসমত ১৪০ টা হাতীৰ অস্বাভাৱিক মৃত্যু হৈছে। কিন্তু এই লৈ যেন বন বিভাগৰ কোনো চিন্তাই নাই। বন বিভাগে হাতীৰ অৱস্থান আৰু গতিবিধিক নিৰীক্ষণত ৰখাৰ কোনো চেষ্টা কৰা নাই। যাৰ বাবে ৰে’লৰ খুন্দাতেই কেইবাটাও হাতীৰ মৃত্যু হৈছে যোৱ এমাহৰ ভিতৰতে। আনহাতে হাবিত বনৰীয়া হাতীৰ বাবে খাদ্য ক্ৰমাৎ কমি অহাত হাতীৰ পাল খাদ্য বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰাটো এটা স্বাভাৱিক ঘটনাত পৰিণত হৈছে। World Wildlife Fund ৰ এজন বিষয়াৰ মতে যোৱা কিছু বছৰৰ ভিতৰত শোণিতপুৰ জিলাৰ মুঠ বনাঞ্চলৰ প্ৰায় ৭০ শতাংশ নোহোৱা হৈছে বা ধ্বংস কৰা হৈছে। ফলত বনাঞ্চলত হাতীৰ বাবে খাদ্যৰ নাটনি এটা স্বাভাৱিক কথা হৈ পৰিছে। এনেকৈ ওলাই অহা হাতীয়ে বহু কৃষকৰ বছৰজোৰা পৰিশ্ৰমৰ ফচল খাই শেষ কৰিছে। বহুত কেইজন কৃষক তথা সাধাৰণ লোকে এনে হাতীৰ আক্ৰমণত প্ৰাণ পৰ্য্যন্ত হেৰুৱাইছে। বহু কেইঠাইত এনেকৈ ক্ষতিগ্ৰস্ত তথা ভুক্তবোগী ক্ষুভিত লোকে হাতীকেই আক্ৰমণ কৰা নহয়, বনকৰ্মীৰ লোককো আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। যোৱা ৭ ডিচেম্বৰত নগাওঁ জিলাৰ কন্দলি অঞ্চলত তেনে এটা ঘটনাত বনৰীয়া হাতীৰ পৰা কৃষকৰ ফচল সুৰক্ষিত কৰিব নোৱৰা বনকৰ্মীক আক্ৰমণ কৰা বাবে নগাওঁ আৰক্ষীয়ে ৪জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল।
বালিপৰাত নিশা ৰেইলৰ খুন্দাত ছটাকৈ বনৰীয়া হাতীৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 10:16 am