বাৰম্বাৰ চীনৰ অনুপ্ৰৱেশ সম্পৰ্কত দৃঢ় আৰু কাৰ্যকৰী প্ৰত্যুত্তৰৰ দাবী অৰুণাচলৰ ছাত্ৰ সংগঠনৰ

অৰুণাচলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ স্থান

অৰুণাচলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ স্থান

অৰুণাচলৰ উজনি ছিয়াং জিলাৰ টুটিং খণ্ডত অলপতে চীনা সৈন্যৰ অনুপ্ৰৱেশ সম্পৰ্কত কেন্দ্ৰই অস্বীকাৰ কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (আপছু) ই। তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ পৰাই ইতিবাচক আৰু কাৰ্যকৰী প্ৰত্যুত্তৰ দাবী কৰিছে।

স্থানীয় গাঁৱবাসীয়ে প্ৰকাশ কৰিছিল যে চীনা সৈন্যৰ সৈতে চীনৰ পথ নিৰ্মাণকাৰী দলে এক্সকেভেটৰৰ সৈতে যোৱা বছৰৰ ২৮ ডিচেম্বৰত ভাৰতত প্ৰৱেশ কৰিছিল।

বিষয়টো যেতিয়া সুৰক্ষা বাহিনীৰ দৃষ্টিগোচৰ কৰা হয় তেতিয়া বিষয়টো অস্বীকাৰ কৰি তেওঁলোকে এইবুলি কয় যে এটা অসামৰিক দল ৰাস্তাৰ জোখমাখৰ কাৰ্যকলাপৰ বাবে আহিছিল আৰু ভাৰতীয় সেনাৰ সৈতে মুখামুখি হোৱাৰ পিছত এক্সকেভেটৰকে ধৰি পথ নিৰ্মাণৰ যন্ত্ৰ পাতিসমূহ এৰি থৈ গুচি যায়।

‘’ অৰুণাচলৰ উজনি ছিয়াং জিলাৰ টুটিং অঞ্চলৰ বিশিং গাঁৱৰ ওচৰত সেনাৰ মাজত কোনো সংঘাত হোৱা নাই। এয়া ডোকলাম সদৃশ পৰিস্থিতি নহয়। বিষয়টো দুয়োখন দেশৰ আনুষ্ঠানিক সমন্বয় ব্যৱস্থাৰ (ফ্লেগ এণ্ড বৰ্ডাৰ বিষয়াৰ বৈঠকত) জৰিয়তে নিষ্পত্তি কৰা হৈছে। চীনক তেওঁলোকৰ পথ নিৰ্মাণৰ যন্ত্ৰ পাতিসমূহ লৈ যাবলৈ কোৱা হৈছে,’’-নতুন দিল্লীত চৰকাৰী বিবৃতি এটাত এইদৰে কোৱা হৈছে।

অৱশ্যে, অৰুমাচলৰ স্থানীয় গাঁৱবাসীৰ মতে চীনৰ দলটোত অসামৰিক লোকৰ সৈতে পোছাকধাৰী সেনাৰ সদস্যও আছিল। ছাত্ৰ সংগঠনটোৱে দৃঢ়মত পোষণ কৰে যে চীনৰ বাৰাম্বাৰ দাবী আৰু অনুপ্ৰৱেশে স্পষ্টভাৱে ‘ভাৰতৰ সাৰ্বভৌমত্বক অগ্ৰাহ্য কৰিছে’।

‘’এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ মৌন সঁহাৰি তথা বাৰম্বাৰ অস্বীকাৰ কৰা কাৰ্যই বিষয়টো সম্পৰ্কত তেওঁলোকৰ গুৰুত্বহীনতাকে প্ৰতিফলিত কৰিছে,’’-সংগঠনটোৱে এটা প্ৰেছ বিবৃতিত এইদৰে উল্লেখ কৰিছে।

চুবুৰীয়া ৰাজ্য অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বিষয় উল্লেখ কৰি আপছুৱে লগতে ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী যাতে সোমাব নোৱাৰে তাৰ বাবে মুখ্য সচিবে সকলো জিলা উপাযুক্তকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আন্ত:ৰাজ্যিক পাৰপত্ৰ পৰীক্ষা কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিব লাগে।