বিজেপিশাসিত ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণৰ সংখ্যা: মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ দাবী

Sushmita

ফাইল ফটো


নাৰীক সুৰক্ষা দিয়াত কেন্দ্ৰীয় চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে।

বিজেপিৰ বিৰুদ্ধে যথেষ্ট আক্ৰমণাত্মক স্থিতি গ্ৰহণেৰে অসমৰ শিলচৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে সাংবাদিকৰ আগত কয় যে বিজেপিশাসিত ৰাজ্যসমূহত সৰ্বাধিক ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । হাৰিয়ানাৰ দৰে ৰাজ্যত প্ৰতি ১০ ঘণ্টাত ৬ টাকৈ ধৰ্ষণ সংঘটিত হয়। কিন্তু প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰে।

আনহাতে মধ্যপ্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক ধৰ্ষণ সংঘটিত হোৱাৰ দাবী উত্থাপন কৰি অসমৰ সাংসদ গৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি শাসিত ৰাজ্যসমূহ বিশেষকৈ ৰাজস্থান, য’ত ধৰ্ষণৰ সংখ্যা বৃদ্ধি পাইছে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে।

আনহাতে সমগ্ৰ দেশতে বৃদ্ধি পাই অহা নাৰীজনিত অপৰাধ আৰু নাৰীৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰৰ বিজেপি চৰকাৰখন দায়িত্বশীল নহয় বুলিও আভিযোগ উত্থাপন কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে। উল্লেখ্য যে মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত ব্যস্ত সাংসদগৰাকীয়ে একেটা প্ৰসংগতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকো আক্ৰমণৰ লক্ষ্য কৰি লয়।